অসম

assam

By

Published : Aug 21, 2023, 2:48 PM IST

ETV Bharat / bharat

ISRO Chandrayaan-3 live streaming : চন্দ্ৰযান-৩ৰ ছফ্ট লেণ্ডিঙৰ মুহূৰ্তৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা ইছৰোৰ

ইছৰোৰ অফিচিয়েল ৱেবছাইট, ইউটিউব, ফেচবুক আৰু ডিডি নেচনেল টিভি চেনেলকে ধৰি বিভিন্ন মাধ্যমত ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ হ'ব । মহাকাশ সংস্থাটোৱে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত উৎসাহেৰে জড়িত হ'বলৈ দেশৰ সকলো প্ৰান্তৰ বিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহক আহ্বান জনাইছে ।

ISRO Chandrayaan-3 live streaming
চন্দ্ৰযান-৩ৰ ছফ্ট লেণ্ডিঙৰ মুহূৰ্তৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা ইছৰোৰ

নেশ্যনেল ডেস্ক, ২১ আগষ্ট :অহা ২৩ আগষ্ট ভাৰতৰ ইতিহাসৰ বাবে এক বিশেষ দিন হ'ব ! কিয়নো সেই দিনাই ভাৰতৰ চন্দ্ৰযান-৩য়ে চন্দ্ৰপৃষ্ঠত ছফ্ট লেণ্ডিং কৰাৰ সম্ভাৱনা আছে । যদি এয়া সম্ভৱ হয় তেনেহ'লে ভাৰতৰ ইতিহাসত ই এক গৌৰৱৰ দিন হৈ ৰ'ব । সমগ্ৰ বিশ্ববাসীও সেই দিনটোলৈ অপেক্ষাৰত । ইফালে এই ঐতিহাসিক মুহূৰ্তৰ যাতে সমগ্ৰ দেশবাসী সাক্ষী হ'ব পাৰে তাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় মহাকাশ সংস্থা ইছৰোৱে ।

পৰৱৰ্তী প্ৰজন্মৰ বিজ্ঞানী, অভিযন্তা আৰু উদ্ভাৱকসকলৰ উপৰিও বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু দেশৰ জনসাধাৰণক অনুপ্ৰাণিত কৰাৰ লক্ষ্যৰে ইছৰোৱে চন্দ্ৰযান-৩ৰ ছফ্ট লেণ্ডিঙৰ মুহূৰ্তৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰিছে । ইছৰোৰ অফিচিয়েল ৱেবছাইট, ইউটিউব, ফেচবুক আৰু ডিডি নেচনেল টিভি চেনেলকে ধৰি বিভিন্ন প্লেটফৰ্মত সেই বিশেষ মুহূৰ্তৰ লাইভ কভাৰেজৰ ব্যৱস্থা কৰা হৈছে । মহাকাশ সংস্থাটোৱে সমগ্ৰ দেশৰ বিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহকো এই ঐতিহাসিক মুহূৰ্তত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে ।

ইছৰোৱে প্ৰকাশ কৰা এক বিবৃতিত সংস্থাটোৱে কয় যে ভাৰতৰ মহাকাশ অন্বেষণৰ অনুসৰণে আসন্ন চন্দ্ৰযান-৩ অভিযানৰ সৈতে এক উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হৈছে । মহাকাশযানখনে চন্দ্ৰপৃষ্ঠত ছফ্ট লেণ্ডিঙৰ বাবে সাজু হৈছে । এই সফলতাই ভাৰতীয় বিজ্ঞান, অভিযান্ত্ৰিক, প্ৰযুক্তি আৰু উদ্যোগৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হ'ব । যি মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ প্ৰতীক হিচাপেও বিবেচিত হ'ব ।

সেয়েহে প্ৰত্যাশিত অনুষ্ঠানটো ২৩ আগষ্টত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব বুলি ইছৰোৱে উল্লেখ কৰিছে । সংস্থাটোৱে জনোৱা মতে ভাৰতীয় সময় অনুসৰি ১৭:২৭ (৫.২৭) বজাৰ পৰা এই পোনপটীয়া সম্প্ৰচাৰ আৰম্ভ হ'ব । লাইভ কভাৰেজ বিভিন্ন প্লেটফৰ্মত উপলব্ধ হ'ব । বিবৃতিত লগতে কোৱা হৈছে যে চন্দ্ৰযান-৩ৰ ছফ্ট লেণ্ডিং এক স্মৰণীয় মুহূৰ্ত যি কেৱল কৌতূহল বৃদ্ধি কৰাই নহয় দেশৰ যুৱপ্ৰজন্মৰ মনৰ ভিতৰত অন্বেষণৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰিব । ই বৈজ্ঞানিক অনুসন্ধান আৰু উদ্ভাৱনৰ পৰিৱেশ গঢ়ি তোলাত অৰিহণা যোগাব বুলিও কোৱা হৈছে ।

লগতে পঢ়ক :ISRO shares pictures of Moon: চন্দ্ৰযান-৩য়ে সংগ্ৰহ কৰা জোনবাইৰ বুকুৰ নতুন ফটো মুকলি ইছৰোৰ

ABOUT THE AUTHOR

...view details