নিউজ ডেস্ক, 27 জানুৱাৰী :গণতন্ত্ৰ দিৱসৰ দিনা দেশৰ ৰাজধানীত ট্ৰেক্টৰ ৰেলীত অংশগ্ৰহণ কৰিবলৈ 22 গৰাকী লোকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে ৷ অভিযোগ অনুসৰি, লোক কেইজনে প্ৰতিবাদৰ নামত ৰাজহুৱা সম্পত্তি ধংস কৰিছে আৰু নিৰাপত্তাৰক্ষীক আক্ৰমণ চলাইছে ৷
আৰক্ষীয়ে ভিডি'অ ফুটেজ চাই লোক কেইজনক চিনাক্ত কৰিছে বুলি জানিবলৈ দিয়ে ৷ ট্ৰেক্টৰ ৰেলীত 86 গৰাকী আৰক্ষীৰ লোক আঘাতপ্ৰাপ্ত হৈছে ৷ ইয়াৰে সৰহ সংখ্যক দিল্লী, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষক থকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷