অসম

assam

ETV Bharat / bharat

ঘূৰ্ণীবতাহ বুৰেভী : কেৰালাৰ পাঁচ জিলাত বন্ধ ঘোষণা - প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি, 4 ডিচেম্বৰৰ দিনটোত বুৰেভী ঘূৰ্ণীবতাহে কেৰালাত ভূমিস্খলনৰ সৃষ্টি কৰিব পাৰে যাৰ বাবে ৰাজ্যখনত ইতিমধ্যে জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰা হৈছে ৷ ইয়াৰ উপৰিও দক্ষিণ তামিলনাডু আৰু কেৰালা উপত্যকাতো সতৰ্কতা জাৰি কৰা হৈছে ৷

As_ntl_-cyclone-burevi_img
ঘূৰ্ণীবতাহ বুৰেভীঃকেৰালাৰ পাঁচ জিলাত বন্ধ ঘোষণা

By

Published : Dec 4, 2020, 12:13 PM IST

Updated : Dec 4, 2020, 12:55 PM IST

নেশ্যনেল ডেস্ক,4 ডিচেম্বৰঃ শুকুৰবাৰৰ দিনটোত কেৰালাৰ পাঁচখনকৈ জিলাত ঘোষণা কৰা হৈছে বন্ধ ৷ ৰাজ্যখনত বুৰেভী ঘূৰ্ণীবতাহে ভূমিস্খলনৰ উপৰিও অনাগত সময়ত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থাৰ ৷

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি, 4 ডিচেম্বৰৰ দিনটোত বুৰেভী ঘূৰ্ণীবতাহে কেৰালাত ভূমিস্খলনৰ সৃষ্টি কৰিব পাৰে যাৰ বাবে ৰাজ্যখনত ইতিমধ্যে জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰা হৈছে ৷ ইয়াৰ উপৰিও দক্ষিণ তামিলনাডু আৰু কেৰালা উপত্যকাতো সতৰ্কতা জাৰি কৰা হৈছে ৷

কেৰালা চৰাকাৰে এক বিবৃতিযোগে ঘোষণা কৰে যে, ৰাজ্যখনৰ তিৰুৱনন্থপুৰম, কোল্লাম,পাথানামথিট্টা,আলাপ্পুঝা আৰু উড়ুক্কী জিলাত বন্ধ ঘোষণা কৰা হৈছে ৷ ইয়াৰ উপৰিও প্ৰায় 2000 আশ্ৰয় শিবিৰো প্ৰস্তুত কৰা হৈছে ৰাজ্যখনত ৷

আনহাতে, দুৰ্যোগ প্ৰশমন বিভাগ, নিৰ্দিষ্ট সেৱা, জৰুৰীকালীন সেৱা আৰু নিৰ্বাচনমূলক সেৱাসমূহে সাধাৰণভাৱে কাম কৰি থাকিব ৷ ইয়াৰ বিপৰীতে 4 ডিচেম্বৰৰ দিনটোত কেৰালাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বন্ধ থাকিব ৷

বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাষ অনুসৰি ঘূৰ্ণীবতাহ বুৰেভীয়ে তিৰুৱনন্থপুৰম আৰু কোল্লাম জিলাৰ সীমান্তৱৰ্তী অঞ্চসমূহক প্ৰভাৱান্বিত কৰিব ৷ যাৰ বাবে ইতিমধ্যে এই অঞ্চলসমূহত জৰুৰীকালীন অৱস্থাৰ সৈতে মোকাবিলা কৰাৰ বাবে বিভিন্ন বিভাগ আৰু সেনা মোতায়ন কৰা হৈছে ৷

লগতে পঢ়ক-বোন্দাত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

Last Updated : Dec 4, 2020, 12:55 PM IST

ABOUT THE AUTHOR

...view details