নেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ: আজি পবিত্ৰ বৰদিন । পূৰ্বৰ দৰে নহ'লেও মহামাৰীৰ সংকটৰ মাজতে যীশুখ্ৰীষ্টৰ ওপজা দিনটো উদযাপন কৰিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে । শুক্ৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক টুইটযোগে বৰদিনৰ শুভকামনা জনায় । যীশুৱে দেখুৱাই যোৱা পথে সমাজ গঠনৰ উৎকৃষ্ট পথ প্ৰশস্ত কৰিব বুলি টুইটত উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
সকলোৰে সুখ আৰু সু-স্বাস্থ্যৰ কামনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে যীশুখ্ৰীষ্টৰ জীৱন আৰু নীতি-আদৰ্শই সমগ্ৰ বিশ্বৰ লাখ লাখ লোকৰ বাবে এক শক্তি বুলিও প্ৰকাশ কৰে । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও টুইটযোগে সকলোকে বৰদিনৰ শুভেচ্ছা জনায় । ৰাষ্ট্ৰপতি ভৱনৰ টুইটাৰ একাউণ্টৰ পৰা কৰা টুইটয়োগে তেওঁ সকলোকে যীশুৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ আৰু সমাজ আৰু ৰাষ্ট্ৰৰ কল্যাণৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায় ।