চিটাৰা ডেস্ক,১২ জানুৱাৰী :মঙলবাৰে ভাৰতৰ সুকণ্ঠী গায়িকা লতা মংগেশকাৰ আক্ৰান্ত কৰ'ণাত আক্ৰান্ত হৈছিল (Melody Queen Lata Mangeshkar tests covid positive) ৷ লগে লগে তেওঁক মুম্বাইৰ ব্ৰীজ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হয় । ইয়াৰ মাজতে আন এক উদ্বেগজনক খবৰ পোহৰলৈ আহিছে । ক'ভিডত আক্ৰান্ত হোৱাৰ সমান্তৰালকৈ নিউম'নিয়াতো আক্ৰান্ত হৈছে শিল্পীগৰাকী (Lata Mangeshkar suffers from covid and pneumonia)।
হাস্পতালখনৰ চিকিৎসকে জনোৱা মতে আগন্তুক ১০-১২ দিনলৈ নিৰন্তৰ চিকিৎসকৰ নিৰীক্ষণত থাকিব কণ্ঠশিল্পীগৰাকী । বয়সৰ প্ৰতি লক্ষ্য ৰাখি আৰোগ্য হোৱাত কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি উল্লেখ কৰিছে চিকিৎসকে । জানিব পৰা মতে শিল্পীগৰাকীৰ এগৰাকী কৰ্মচাৰী ক'ভিডত আক্ৰান্ত হৈছিল । কৰ্মচাৰীজনৰ সংস্পৰ্শলৈ আহিছিল শিল্পীগৰাকী ।