নেশ্যনেল ডেস্ক,২৯ মে': বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ সুনগৰত ভূমিস্খলন হয় । শনিবাৰে পুৱতি নিশা হোৱা ভূমিস্খলনৰ ফলত গংগোত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে ৷ এই ভূমিস্খলনৰ ফলত অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
উত্তৰাখণ্ডৰ গংগোত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন - উত্তৰাখণ্ডৰ ভূমিস্খলন
নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাৰ সুনগৰত ভূমিস্খলন হয় । শনিবাৰে পুৱতি নিশা হোৱা ভূমিস্খলনৰ ফলত গংগোত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে ৷
উত্তৰাখণ্ডৰ গংগোত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন
এই ভূমিস্খলনৰ ফলত ৰাজপথত বৃহৎ পৰিমাণৰ শিল পৰাত ধ্বংসস্তুপত পৰিণত হৈছিল । বৰ্ডাৰ ৰোড অৰ্গেনাইজেচন (বিআৰঅ')ৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ ঘাইপথটো পুনৰ মুকলিৰ বাবে ধ্বংসাৱশেষৰ পৰা শিলবোৰ পৰিষ্কাৰ কৰিবলৈ বহুসংখ্যক ব্যক্তি নিয়োগ কৰে । এই সন্দৰ্ভত জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া দেৱেন্দ্ৰ পাটৱালে কয় য়ে বিআৰঅ'য়ে পথটো মুকলি কৰিবৰ বাবে দুটা হুইল-ডোজাৰ, এটা কম্প্ৰেচাৰ, এটা টিপাৰ আৰু ২০ জন শ্ৰমিকক নিয়োগ কৰিছে ।