অসম

assam

ETV Bharat / bharat

হিমাচলৰ চম্বা-হোলী মুখ্য পথত ভূমিস্খলনঃ আবদ্ধ বহু যান বাহন

পথটোত আবদ্ধ হৈ পৰা লোকসকলৰ মাজত এটা বিবাহ যাত্ৰীৰ দলো আছিল ।

Landslide blocks Chamba-Holi road in Himachal Pradesh
ভূমিস্খলনৰ বাবে হিমাচলৰ চম্বা-হোলী মুখ্য পথত আবদ্ধ বহু যান বাহন

By

Published : Nov 28, 2020, 8:54 AM IST

নিউজ ডেস্ক, 28 নৱেম্বৰ: হিমাচল প্ৰদেশৰ চাম্বা জিলাত শুকুৰবাৰে ধাৰাষাৰ বৰষুণ আৰু তুষাৰপাতৰ পাছত ভাৰমোৰ উপ-খণ্ডৰ চম্বা-হোলী মুখ্য পথত ভূমিস্খলন আৰম্ভ হোৱাত পথটোত বহু যান বাহন আবদ্ধ হৈ পৰে । পাহাৰৰ পৰা প্ৰচণ্ড প্ৰচণ্ড শিল আৰু মাটি পথটোত খহি পৰাত যাতায়ত কৰা বহু যাত্ৰী পথটোৰ মাজত আবদ্ধ হৈ পৰে ৷ পথটোত আবদ্ধ হৈ পৰা লোকসকলৰ মাজত এটা বিবাহ যাত্ৰীৰ দলো আছিল ।

ভূমিস্খলনৰ খবৰ লাভ কৰাৰ পাছতেই লোক নিৰ্মাণ বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হয় ৷ বিভাগটোৰ কৰ্মচাৰী বিষয়াই লগে লগে জেচিবি আৰু অন্যান্য সামগ্ৰী লৈ পথটো মুকলি কৰাৰ কামত নিয়োজিত হয় ৷ প্ৰায় তিনি ঘন্টাৰ পাছত পথটো মুকলি হোৱাত পুনৰ পথটোৰে যাতায়ত আৰম্ভ হয় ।

লগতে পঢ়ক: আজি হায়দৰাবাদত নিৰ্বাচনী প্ৰচাৰ চলাব যোগী আদিত্যনাথে

ABOUT THE AUTHOR

...view details