অসম

assam

ETV Bharat / bharat

Fodder Scam : পুনৰ কাৰাগাৰ যাত্ৰাৰ দিশে লালু প্ৰসাদ যাদৱ - লালু প্ৰসাদ যাদৱৰ পশুখাদ্য কেলেংকাৰী

পঞ্চমটো পশুখাদ্য কেলেংকাৰী গোচৰত দোষী সাব্যস্ত লালু প্ৰসাদ যাদৱ (Lalu Prasad Yadav has been found guilty in a fifth fodder scam case) ৷ ঝাৰখণ্ডৰ ৰাঁচীৰ এখন বিশেষ চিবিআই আদালতে প্ৰদান কৰিলে ৰায়দান ৷

lalu-prasad-yadav-has-been-found-guilty-in-a-fifth-fodder-scam-case
Fodder Scam : পুনৰ কাৰাগাৰ যাত্ৰাৰ দিশে লালু প্ৰসাদ যাদৱ

By

Published : Feb 15, 2022, 12:47 PM IST

নেশ্বনেল ডেস্ক, 15 ফেব্ৰুৱাৰী :আৰজেডিৰ মুৰব্বী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক পঞ্চমটো পশুখাদ্য কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে (Lalu Prasad Yadav has been found guilty in a fifth fodder scam case ৷ ঝাৰখণ্ডৰ ৰাঁচীৰ এখন বিশেষ চিবিআই আদালতে তেওঁক দৰন্দা কোষাগাৰৰ পৰা ১৩৯.৩৫ কোটি টকা অবৈধভাৱে উলিওৱাৰ বাবে দোষী সাব্যস্ত কৰিছে । লালু যাদৱ এতিয়া পাঁচোটা গোচৰত দোষী সাব্যস্ত হৈছে ৷

মঙলবাৰে ৰাতিপুৱা ন্যায়াধীশ চি কে শশীয়ে এই সন্দৰ্ভত ৰায়দান কৰে ৷ এই কেলেংকাৰীৰ মুখ্য ষড়যন্ত্ৰকাৰী হিচাপে নাম অহা লালু প্ৰসাদ যাদৱ(Lalu Prasad Yadav named as Fodder Scam conspirator) ৰায়দানৰ সমত আদালতত উপস্থিত আছিল। তেওঁ ইতিমধ্যে কুখ্যাত 950 কোটি টকাৰ পশুখাদ্য কেলেংকাৰীৰ গোচৰৰ সৈতে সম্পৰ্কিত আন চাৰিটা গোচৰতো দোষী সাব্যস্ত হৈছে ৷ চাইবাচা কোষাগাৰৰ পৰা 37.7 কোটি টকা, আৰু 33.13 কোটি টকা, দেওঘৰ কোষাগাৰৰ পৰা 89.27 কোটি টকা আৰু দুমকা কোষাগাৰৰ পৰা 3.76 কোটি টকা অবৈধভাৱে উলিওৱাৰ গোচৰ আছে তেওঁৰ বিৰুদ্ধে ।

২০১৮ চনত দুমকা গোচৰত দোষী সাব্যস্ত হোৱাৰ বাবে তেওঁক ৬০ লাখ টকাৰ জৰিমনা প্ৰদান কৰা হৈছিল । লালু যাদৱে পূৰ্বৰ চাৰিওটা দোষী সাব্যস্ত হোৱা গোচৰক প্ৰত্যাহ্বান জনাইছে। সকলো ঘটনা গৰুৰ পশুখাদ্যৰ বাবে নিৰ্ধাৰিত চৰকাৰী পুঁজিৰ প্ৰৱঞ্চনাৰ সৈতে সম্পৰ্কিত। ২০১৭ চনৰ ডিচেম্বৰৰ পৰা কাৰাগাৰত থকা ৭৩ বছৰীয়া নেতাগৰাকীয়ে ঝাৰখণ্ডৰ ৰাজেন্দ্ৰ ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছত তেওঁৰ কাৰাদণ্ডৰ সময় পাৰ কৰিছিল। অৱশ্যে, স্বাস্থ্যৰ অৱনতি হোৱাৰ পিছত তেওঁক যোৱা বছৰ জানুৱাৰীত দিল্লীলৈ নিয়া হৈছিল ।

লগতে পঢ়ক :'শাসকীয় দলৰ অপৰাধীক ৰক্ষণাবেক্ষণ দিছে আৰক্ষীয়ে' : মানিক সৰকাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details