অসম

assam

ETV Bharat / bharat

মহাকুম্ভ মেলাত বিশ্বৰ সৰ্ববৃহৎ বন্তি - সবাতোকৈ ডাঙৰ বন্তি

হৰিদ্বাৰত অনুষ্ঠিত হৈ থকা মহাকুম্ভ মেলাৰ নতুন আকৰ্ষণ হৈছে বিশ্বৰ সৰ্ববৃহৎ বন্তি । বুধবাৰে মহাকুম্ভ মেলাৰ আস্থা পথত এই বন্তিগছি প্ৰজ্বলন কৰা হয় । এই বন্তি গছি কৰ'ণা যোদ্ধাসকলৰ নামত উৎসৰ্গা কৰা হৈছে ।

মহাকুম্ভ মেলাৰ নতুন আকৰ্ষণ হৈছে বিশ্বৰ সৰ্ববৃহৎ বন্তি
মহাকুম্ভ মেলাৰ নতুন আকৰ্ষণ হৈছে বিশ্বৰ সৰ্ববৃহৎ বন্তি

By

Published : Apr 14, 2021, 10:24 PM IST

নেশ্যনেল ডেস্ক,১৪ এপ্ৰিল: বিশ্বৰ সৰ্ববৃহৎ বন্তি হিচাপে গিণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হোৱা মহাকুম্ভ মেলাৰ বন্তিগছিয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । হৰিদ্বাৰত অনুষ্ঠিত হৈ থকা মহাকুম্ভ মেলাৰ আস্থা পথত বুধবাৰে প্ৰজ্বলন কৰা হয় এই বন্তিগছি । কৰ'ণা যোদ্ধাসকলৰ নামত উৎসৰ্গিত এই বন্তিগছিত এবাৰত ২২৪৭ লিটাৰ তেল ঢালিব পাৰি ।

মহাকুম্ভ মেলাৰ নতুন আকৰ্ষণ হৈছে বিশ্বৰ সৰ্ববৃহৎ বন্তি

হৰিদ্বাৰৰ জিলা দণ্ডাধীশ তথা কুম্ব মেলাৰ বিষয়া দীপক ৰাৱটে বুধবাৰে বন্তিগছি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । তেওঁ লগতে কয় যে, বৰ্তমান ক'ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা সংকটৰ সময়ত বন্তিগছি সকলোৰে বাবে অনুপ্ৰেৰণা হ'ব বুলি আশা কৰা হৈছে । বিশ্বৰ সৰ্ববৃহৎ বন্তিগছি জনপ্ৰিয় স্মাৰ্টফোন আৰু স্মাৰ্ট টিভি ব্ৰেণ্ড, এম আই ইণ্ডিয়াই দান কৰিছে ।

মহাকুম্ভ মেলাৰ নতুন আকৰ্ষণ হৈছে বিশ্বৰ সৰ্ববৃহৎ বন্তি

বিগত বৰ্ষত দুৰ্গা পূজাৰ সময়ত কোম্পানীটোৱে কলকাতাত বন্তি উন্মোচন কৰিছিল আৰু আশাৰ ৰেঙণি বুলি অভিহিত কৰিছিল । এম আই ইণ্ডিয়াই কুম্ভ মেলা আয়োজক সমিতিক বন্তিগছি দান কৰিছে ।

মহাকুম্ভ মেলাৰ নতুন আকৰ্ষণ হৈছে বিশ্বৰ সৰ্ববৃহৎ বন্তি

এম আই ইণ্ডিয়াৰ এজন বিষয়াই কয় যে, কোম্পানীটোৱে পৰৱৰ্তী কেইটামান দিনৰ বাবে বন্তিগছি প্ৰজ্বলন কৰাৰ ব্যয় বহন কৰিব আৰু হৰিদ্বাৰ জিলা প্ৰশাসনে বন্তিগছিৰ দায়িত্ব গ্ৰহণ কৰিব ।

লগতে পঢ়ক: হায়দৰাবাদৰ ভিন্ন অঞ্চলত প্ৰবল বৃষ্টিপাত

ABOUT THE AUTHOR

...view details