নিউজ ডেস্ক, ১৭ ছেপ্টেম্বৰ :প্ৰধানমন্ত্ৰী মোদীয়ে শৈশৱত ভাদনগৰ ৰে'ল ষ্টেচনত চাহ বিক্ৰী কৰিছিল (Prime Minister Modi sold tea in childhood) । সেই দোকানখন এতিয়াও তাত আছে । চৰকাৰে সিদ্ধান্ত লৈছে যে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন (PM Narendra Modi birthday) উপলক্ষে উক্ত চাহৰ দোকানখন সংগ্ৰহালয়ত ৰাখিব লাগে (Modi tea stall kept in museum) । ইয়াৰ লগতে তালৈ পৰ্যটকৰ আগমনৰ বাবে স্থানীয় লোকসকলেও সুখী অনুভৱ কৰিছে ।
মেহছানা আজি দেশ আৰু বিশ্বৰ দৃষ্টিত (Mehsana become tourist place) । এই মেহছানা গুজৰাটৰ ভাদনগৰত অৱস্থিত । ই এখন ঐতিহাসিক চহৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহভূমি হিচাপে পৰিচিত । চৰকাৰে এই চহৰখনৰ বিকাশৰ বাবে এটা নতুন পৰীক্ষা কৰিছে । ভাদনগৰ ৰে'ল ষ্টেচনটো পৰ্যটকৰ স্থান হিচাপে আধুনিক ধৰণে বিকশিত কৰা হৈছে ।
আধুনিক সেৱাৰে সজ্জিত ভাদনগৰ ৰে'ল ষ্টেচনৰ (Vadnagar railway station) এখন বিখ্যাত চাহৰ দোকান আজি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে । কিয়নো এই চাহৰ দোকানখন বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিতৃ বুলি কোৱা হয় । লগতে নৰেন্দ্ৰ মোদীৰ শৈশৱৰ কিছু স্মৃতি এই চাহৰ দোকানৰ সৈতে জড়িত হৈ আছে (Narendra Modi father teal stall) ।
উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম ভাদনগৰত । তেওঁ তেওঁৰ শৈশৱ তাতেই অতিবাহিত কৰিছিল । এটা সাধাৰণ পৰিয়ালৰ পৰা অহা নৰেন্দ্ৰ মোদী শিক্ষাৰ প্ৰতি যথেষ্ট আগ্ৰহী আছিল । কিন্তু পৰিয়ালটোৰ আৰ্থিক অৱস্থাৰ জোৰা মাৰিববলৈ তেওঁৰ দেউতাকে ৰে'ল ষ্টেচনত চাহৰ ব্যৱসায় কৰিছিল । গতিকে দেউতাকক সহায় কৰিবলৈ তেওঁ স্কুল ছুটিৰ পিছত ৰে'ল ষ্টেচনত থকা দেউতাকৰ চাহৰ দোকানলৈ গৈছিল ।