নিউজ ডেস্ক, 11 জানুৱাৰী :সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ভাণ্ডাৰাত হাস্পতালত সংঘটিত হোৱা শোকাৱহ অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা শিশুৰ পৰিয়ালক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা 2 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে অনুমোদন প্ৰদান কৰিছে ৷
তদুপৰি উক্ত অগ্নিকাণ্ডত গুৰুত্বৰ ভাৱে আহত লোক সকলক একেই পুঁজিৰ পৰা 50 হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদানৰো অনুমোদন প্ৰদান কৰিছে ৷