অসম

assam

ETV Bharat / bharat

Acidity: সাৱধান! এইসমূহ খাদ্যই বিকল কৰিব পাৰে আপোনাৰ কিডনী - বৃক্ক বা যকৃত

যদি সময়মতে এচিডিটিৰ বাবে সঠিক চিকিৎসা গ্ৰহণ কৰা নহয় তেন্তে বৃক্ক বা যকৃতৰ দৰে অংগ বিকল হোৱাৰ সম্ভাৱনা বাঢ়ি যায় । এচিডিটি হ’লে কোনবোৰ খাদ্য পৰিহাৰ কৰিব লাগে জানি লওক-

Kidney can fail due to formation of acid everyday, avoid eating these foods
সাৱধান! এইসমূহ খাদ্যই বিকল কৰিব পাৰে আপোনাৰ কিডনী

By

Published : Feb 27, 2023, 5:40 PM IST

ভাৰতবৰ্ষত বৃহৎ সংখ্যক লোক আছে যিয়ে তেলীয়া আৰু টেঙা বস্তু খায় আৰু এচিডিটি, হাৰ্টবাৰ্ণ আৰু গেছৰ সমস্যাত ভোগে । কিছুমানে বাধ্যবাধকতাৰ বাবে এই জীৱনশৈলী অনুসৰণ কৰে, কিন্তু ঘণ্টা, দিন বা বহু সময়লৈকে তেনে লোকে এচিডিটিৰ সমস্যাত ভোগে । যদি এই সমস্যাৰ সময়মতে চিকিৎসা কৰা নহয় তেন্তে কিডনী বা যকৃতৰ দৰে অংগ বিকল হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় (Acidity Treatment)।

বিশেষজ্ঞসকলৰ মতে, পেটত আলচাৰ গঠন হোৱাৰ বাবে এনে হ’ব পাৰে আৰু ই ক্ৰমান্বয়ে শৰীৰক ভিতৰৰ অংশ নষ্ট কৰাৰ কাম কৰে । সুস্থ জীৱনশৈলীৰ বাবে খাদ্যৰ পৰিৱৰ্তন হোৱাটো খুবেই জৰুৰী । তেনেস্থলত এচিডিটিৰ সমস্যাত কোনবোৰ খাদ্য পৰিহাৰ কৰিব লাগে জানি লওক (Natural Remedies For Acidity)।

  • কমলা আৰু গাজৰ

স্বাস্থ্যকৰ খাদ্য খাবলৈ গৈ কেতিয়াও গাজৰ আৰু কমলা একেলগে গ্ৰহণ নকৰিব ৷ এই সংমিশ্ৰণে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে । গাজৰ আৰু কমলা ৰসত মিহলাই বা ইয়াৰ চালাড খোৱাৰ ভুল নকৰিব (Weird Food Combination)। বিশেষজ্ঞসকলে কয় যে, ইয়াৰ ফলত হিট ষ্ট্ৰ’কৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে আৰু এই অৱস্থাত আনকি কিডনিও ক্ষতিগ্ৰস্ত হয় ।

  • অমিতা আৰু নেমু

পেটৰ বাবে মহৌষধ অমিতা বহু ধৰণে সেৱন কৰা হয় । ইয়াৰ ভিতৰত অমিতাৰ চাট যাৰ ওপৰত ভুলতো নেমু ব্য়ৱহাৰ কৰাটো উচিত নহয় । বিশেষজ্ঞসকলৰ মতে, নেমু আৰু অমিতাৰ সংমিশ্ৰণে শৰীৰত ৰক্তহীনতা আৰু হিম’গ্লবিনৰ মাত্ৰা নষ্ট কৰাৰ কাম কৰিব পাৰে ।

  • অমিতা আৰু কল

ফলৰ চাট অমিতা আৰু কলক একেলগে গ্ৰহণ কৰাটো সাধাৰণ কথা । কিন্তু আপুনি জানেনে যে, এই দুটা ফল একেলগে খালে কেতিয়াবা এচিড’ছিছৰ সমস্যাও হ’ব পাৰে । দুয়োটা ফলৰ সংমিশ্ৰণে মূৰৰ বিষ বা বমিৰ কাৰণ হৈ পৰে । ফলৰ চাটতো ফলবোৰ সাৱধানে বাছি ল’ব লাগে ।

  • ফল-মূল আৰু শাক-পাচলি

আজিকালি মানুহে ওজন কমাবলৈ বা স্বাস্থ্যসন্মত ৰুটিনৰ বাবে এনে বহু পদ্ধতি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে যিবোৰ অদ্ভুত আৰু দুৰ্বল । এই অদ্ভুত খাদ্যৰ সংমিশ্ৰণত ফল-মূল আৰু শাক-পাচলিৰ চালাডৰ ৰেচিপিও অন্তৰ্ভুক্ত কৰা হৈছে । ষ্টাইলক্ৰেজত প্ৰকাশিত বাতৰি অনুসৰি এনে কৰিলে পেটত গেছ গঠন হয় আৰু এচিডিটি আৰম্ভ হয় । সেয়ে বৃক্কক এচিডিটিৰ পৰা ৰক্ষা কৰিবলৈ খাদ্যৰ লগত জড়িত এই ভুলবোৰ কেতিয়াও নকৰিব ।

লগতে পঢ়ক:Holi 2023: কেনেকৈ হাত, মুখ তথা সমগ্ৰ শৰীৰৰ পৰা হোলীৰ ৰং আঁতৰাব পাৰি, জানি লওক কেইটামান সহজ উপায়

ABOUT THE AUTHOR

...view details