নিউজ ডেস্ক, 11 জুন: নিৰ্বাচনমুখী মধ্য প্ৰদেশত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই চাৰিজন জ্যেষ্ঠ নেতাক বিশেষ পৰ্যবেক্ষক হিচাপে নিয়োজিত কৰিছে, যাতে দলটোৱে বছৰ বছৰ ধৰি পৰাজিত হৈ অহা 66 খন বিধানসভা আসনত দলটোৰ জয়লাভৰ সম্ভাৱনা কঢ়িয়াই আনিব পাৰে ৷ দলৰ ভিতৰুৱা তথ্য অনুসৰি, খাৰ্গেই দিল্লী গোটৰ প্ৰাক্তন মুৰব্বী সুভাষ চোপ্ৰা, গুজৰাট গোটৰ প্ৰাক্তন মুৰব্বী অৰ্জুন মোধৱাদিয়া, হিমাচল প্ৰদেশৰ প্ৰাক্তন মুৰব্বী কুলদীপ সিং ৰাথোৰ আৰু উত্তৰাখণ্ডৰ প্ৰদীপ তামতাৰ দৰে জ্যেষ্ঠ সকলক সেই জিলাসমূহত দলটো শক্তিশালী কৰিবলৈ আৰু সম্ভাৱ্য শক্তিশালী প্ৰাৰ্থী চিনাক্ত কৰিবলৈ 66 খন বিধানসভা আসনৰ জৰীপ কৰিবলৈ নিয়োজিত কৰিছে ৷
এআইচিচিৰ এজন কৰ্মীয়ে এই বিষয়ে কয় যে, "এইসমূহ আসন আমি বিগত তিনিটা নিৰ্বাচনত জিকিব পৰা নাই ৷ অৱশ্যে, তাত কিছুমান সমস্যাও আছে ৷ এই জ্যেষ্ঠ নেতাসকলৰ ভ্ৰমণে স্থানীয় কংগ্ৰেছ কৰ্মীসকলক উৎসাহিত কৰিব, গ্ৰহণ কৰিবলগা সংশোধনমূলক পদক্ষেপসমূহৰ ওপৰত এআইচিচিক মতামত প্ৰদান কৰিব, আৰু লগতে হাইকমাণ্ডক সাম্ভাব্য প্ৰাৰ্থী চিনাক্ত কৰাত সহায় কৰিব ৷ এই কঠিন আসনবোৰৰ আধাতকৈ অধিক জিকিব লাগিব ৷ যদি আমি সেইটো কৰিব পাৰোঁ, ৰাহুল গান্ধীয়ে নিৰ্ধাৰণ কৰা 150 খন আসনৰ লক্ষ্য সহজে পূৰণ হ'ব ৷" উল্লেখ্য যে, মধ্য প্ৰদেশত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সাধাৰণ সংখ্যাগৰিষ্ঠতা হৈছে সদনত 230 খন আসনৰ 116 খন আসন দখল কৰা ৷
2018 চনত কংগ্ৰেছে 114 খন আসনৰ সৈতে একক সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু সৰু দল আৰু কিছুমান নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থনত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল ৷ বিজেপিৰ দখলত 104 খন আসন আছিল ৷ অৱশ্যে, 2020 চনত জ্যেষ্ঠ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই বিজেপিত যোগদান কৰে আৰু কমল নাথ চৰকাৰৰ পতনৰ কাৰণ হয় ৷ কিয়নো 20 জনতকৈও অধিক বিধায়কে আস্থা ভোটত কংগ্ৰেছৰ বিৰুদ্ধে ভোট দিছিল (Rahul Gandhi puts 150 seats target) ৷
এআইচিচিৰ প্ৰভাৰী জেপি আগৰৱালাই কয় যে, ‘‘এইবাৰ ৰাহুল গান্ধীয়ে 150 খন আসন দখল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ যাতে কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰে আৰু বিজেপিয়ে আমাৰ নেতাসকলক চোৰাংচোৱাগিৰি কৰাৰ সুযোগ নাপায় ৷ আগন্তুক নিৰ্বাচনক লৈ আমি অতিশয় আত্মবিশ্বাসী ৷’’