অসম

assam

ETV Bharat / bharat

Kerala government revokes retirement age: কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কেৰালা চৰকাৰৰ

কেৰালা চৰকাৰে (Kerala government) বুধবাৰে সকলো ৰাজ্যিক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ অৱসৰৰ বয়স ৬০ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত উঠাই লোৱাৰ কথা ঘোষণা কৰিছে (PSUs of Kerala state government) ।

By

Published : Nov 2, 2022, 7:17 PM IST

Kerala
Kerala

নিউজ ডেস্ক, ২ নৱেম্বৰ :কেৰালা চৰকাৰে (Kerala government) বুধবাৰে সকলো ৰাজ্যিক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ অৱসৰৰ বয়স ৬০ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত উঠাই লোৱাৰ কথা ঘোষণা কৰিছে (PSUs of Kerala state government) । মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হয় (Kerala CM Pinarayi Vijayan) । কেৰালাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিবৃতিত এই কথা কোৱা হৈছে (Kerala government revokes retirement age) ।

উল্লেখ্য, কেৰালাত শাসনাধিষ্ঠিত বাঁও মৰ্চা চৰকাৰৰ (LDF government of Kerala) সিদ্ধান্তই ৰাজহুৱা খণ্ডত কেৰিয়াৰৰ সপোন দেখি থকা ৰাজ্যখনৰ যুৱসকলৰ প্ৰতি "বিশ্বাসঘাতকতা" বুলি অভিযোগ উত্থাপন কৰি বিৰোধী কংগ্ৰেছ আৰু বিজেপিৰ তীব্ৰ প্ৰতিবাদৰ পিছত এই পদক্ষেপ লোৱা হৈছে । চৰকাৰে ৰাজ্যৰ বেছিভাগ ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীৰ অৱসৰৰ বয়স সমানভাৱে 60 বছৰলৈ বৃদ্ধি কৰিছিল । যাৰ বাবে এটা বাঁওপন্থী যুৱ সংগঠনৰ পৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল ।

কেৰালা ৰাজ্যিক বিদ্যুৎ পৰিষদ (Kerala State Electricity Board), কেৰালা ৰাজ্যিক পথ পৰিবহণ নিগম (Kerala State Road Transport Corporation) আৰু কেৰালা জল কৰ্তৃপক্ষৰ (Kerala Water Authority) বাহিৰে ৰাজ্যখনত ৰাজহুৱা খণ্ডৰ দৰমহা/মজুৰি গাঁথনিৰ বাবে এক উমৈহতীয়া আন্তঃগাঁথনি প্ৰস্তুত কৰাৰ ওপৰত এক বিস্তৃত অধ্যয়ন কৰা বিশেষজ্ঞ সমিতিৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি শনিবাৰে এই নিৰ্দেশ জাৰি কৰা হৈছিল ।

বিশেষজ্ঞ পেনেলে পৰামৰ্শ দিছিল যে কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ দৰে সকলো ৰাজ্যিক ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীৰ অৱসৰৰ বয়স সমানভাৱে ৬০ বছৰলৈ বৃদ্ধি কৰা হ'ব ।

লগতে পঢ়ক :Press Club of India : ৱায়াৰৰ সম্পাদক আৰু সাংবাদিকৰ ঘৰত আৰক্ষীৰ তালাচী, চিন্তিত ভাৰতীয় প্ৰেছ ক্লাব

ABOUT THE AUTHOR

...view details