অসম

assam

ETV Bharat / bharat

সোমবাৰে কোচি ৱাটাৰ মেট্ৰ’ মুকলি কৰিব কেৰালাৰ মুখ্য়মন্ত্ৰীয়ে - পিনাৰায়ী বিজয়ন

সোমবাৰে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে ভিডিঅ’ কনফাৰেঞ্চ যোগে কোচি ৱাটাৰ মেট্ৰ’ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ আৰম্ভ কৰিব । এই প্ৰকল্পত ভিট্টিলাৰ পৰা কাক্কানাড় ইনফো পাৰ্কলৈ পথ অন্তৰ্ভুক্ত হ’ব । এই ৱাটাৰ মেট্ৰ’ মাৰ্চ মাহৰ পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ’ব ।

Kochi Water Metro
কোচি ৱাটাৰ মেট্ৰ’

By

Published : Feb 14, 2021, 10:57 PM IST

নেশ্য়নেল ডেস্ক,14 ফেব্ৰুৱাৰী : সোমবাৰে কোচি ৱাটাৰ মেট্ৰ’ৰ প্ৰথমটো পথ আৰু টাৰ্মিনেল উদ্বোধন কৰিব কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে ।

এই কোচি ৱাটাৰ মেট্ৰ’ প্ৰকল্পৰ প্ৰথম পৰ্যায়ত ভিট্টিলাৰ পৰা কক্কানাড় ইনফো পাৰ্কলৈ পথ অন্তৰ্ভুক্ত হৈ আছে, যিটো মুখ্যমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে আৰম্ভ কৰিব ।

এই উদ্বোধন ভিট্টিলাৰ ৱাটাৰ মেট্ৰ’ টাৰ্মিনেলত অনুষ্ঠিত হ’ব ৷ ইয়াৰ লগতে মুখ্যমন্ত্ৰী বিজয়নে নতুন পানমকুট্টি দলং প্ৰকল্পও মুকলি কৰিব বুলি জানিব পৰা গৈছে ৷

আনহাতে, আগন্তুক মাৰ্চ মাহৰ পৰা ৱাটাৰ মেট্ৰ’ জনসাধাৰণৰ বাবে মুকলি কৰা হ’ব । এই প্ৰকল্পটোৰ বাজেট প্ৰায় 678 কোটি টকা ।

ৱাটাৰ মেট্ৰ’ প্ৰকল্পটো কোচি মেট্ৰ’ ৰে’ল লিমিটেড (কেএমআৰএল)ৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে । মেট্ৰ’ ষ্টেচন ৱাটাৰ মেট্ৰ’ আন্তৰ্জাতিক মানক টাৰ্মিনেলৰ সৈতে স্থাপন কৰা হ’ব আৰু ইয়াত 38 টা ষ্টেচন থাকিব । ৱাটাৰ মেট্ৰ’ সেৱা 78.6 কিলোমিটাৰ দূৰত্বৰে 15৫ টা পথত উপলব্ধ হ’ব ।

লগতে পঢ়ক :আৰৱ সাগৰত জলন্ত জাহাজৰ পৰা উদ্ধাৰ ১৫ জন ক্ৰুমেন

ABOUT THE AUTHOR

...view details