অসম

assam

ETV Bharat / bharat

শীতকালৰ বাবে বন্ধ হ'ল কেদাৰনাথ ধামৰ দুৱাৰ - মদমহেশ্বৰজী

৬ মাহৰ বাবে বন্ধ কৰা হ'ল কেদাৰনাথ ধামৰ প্ৰৱেশদ্বাৰ । ৰীতি-নীতি আৰু বৈদিক মন্ত্ৰ উচ্চাৰণেৰে শনিবাৰে পুৱা মন্দিৰৰ দুৱাৰ বন্ধ কৰা হয় । এই বিশেষ মূহুৰ্তত যথেষ্ট সংখ্যক ভক্তই ভিৰ কৰে কেদাৰনাথ ধামত ।

kedarnath door close
শীতকালৰ বাবে বন্ধ হ'ল কেদাৰনাথ ধামৰ দুৱাৰ

By

Published : Nov 6, 2021, 11:05 AM IST

নেশ্যনেল ডেস্ক, ৬ নৱেম্বৰ :দেশৰ ধৰ্মীয় অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম হৈছে উত্তৰাখণ্ডৰ চাৰধামৰ বিখ্যাত কেদাৰনাথ মন্দিৰ । প্ৰতিবছৰে এই মন্দিৰলৈ হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটে । পৰম্পৰা অনুসৰি, শীতকালৰ সময়চোৱা প্ৰায় ৬ মাহৰ বাবে এই মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ হৈ থাকে । সেই পৰম্পৰা অনুসৰিয়ে ভাতৃ দ্বিতীয়াৰ শুভক্ষণত শনিবাৰে নিৰ্দিষ্ট পূজা-অৰ্চনা কৰি নীতি-নিয়মৰ মাজেৰে বন্ধ কৰি দিয়া হয় কেদাৰনাথ মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ ।

অৱশ্যে পুৱা ৬ বজাতে পুৰোহিতে বিশেষ ৰীতি-নীতিৰ মাজেৰে দুৱাৰ বন্ধৰ প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু ৮ বজাৰ লগে লগে বন্ধ হয় মন্দিৰৰ প্ৰৱেশদ্বাৰ । এই বিশেষ মূহুৰ্তত মন্দিৰটোত বহু ভক্তই ভিৰ কৰা দেখা যায় । সকলোৱে এই বিশেষ মূহুৰ্তৰ সাক্ষী হৈ ৰয় ।

আনহাতে, বৰফৰে আবৃত কেদাৰনাথ ধামৰ পৰা পঞ্চমুখী দোলা সেনাৰ ভক্তিমূলক বেণ্ডপাৰ্টীৰ মাজেৰে মন্দিৰটো পৰিক্ৰমা কৰি বিভিন্ন ৰীতি-নীতিৰ মাজেৰে শীতকালীন সিংহাসন স্থান ওখীমথৰ ওমকাৰেশ্বৰ মন্দিৰ অভিমুখে ৰাওনা হয় । প্ৰথমটো নিশা ৰামপুৰত ৰখা হ'ব পঞ্চমুখী দোলা ।

শীতকালৰ বাবে বন্ধ হ'ল কেদাৰনাথ ধামৰ দুৱাৰ

ইয়াৰ পাছত দেওবাৰে দোলা বিশ্বনাথ মন্দিৰ গুপ্তকাশীত উপস্থিত হ'ব । ৮ নৱেম্বৰত ভগৱান কেদাৰনাথৰ পঞ্চমুখী দোলাৰ পঞ্চ কেদাৰ সিংহাসন ওমকাৰেশ্বৰ মন্দিৰত উপস্থিত হ'ব । ইয়াতে শীতকালৰ সময়চোৱাত ভক্তসকলে বাবা কেদাৰনাথ দৰ্শন আৰু উপাসনা কৰিবলৈ সক্ষম হ'ব ।

উল্লেখ্য যে, উত্তৰাখণ্ড চাৰধামৰ গংগোত্ৰী ধামৰ দুৱাৰ ৪ নৱেম্বৰত শীতকালৰ বাবে বন্ধ কৰি দিয়া হৈছিল ৷ শনিবাৰে বিয়লি যমুনোত্ৰী ধামৰ প্ৰৱেশদ্বাৰ বন্ধ কৰা হ'ব । ২০ নৱেম্বৰত ভগৱান বদ্ৰী বিশালৰ দুৱাৰ বন্ধ কৰা হ'ব । ইয়াৰ পাছত ভগৱান মদমহেশ্বৰজীৰ মন্দিৰৰ দুৱাৰ ২২ নৱেম্বৰত বন্ধ কৰা হ'ব । আনহাতে, ২৫ নৱেম্বৰত ওখীমথত মদমহেশ্বৰ মেলা অনুষ্ঠিত হ'ব ।

এইবেলি চাৰে চাৰি লাখতকৈও অধিক তীৰ্থযাত্ৰী চাৰধাম যাত্ৰাৰ বাবে অহাৰ কথা জানিব পৰা গৈছে । যাৰ ভিতৰত দুই লাখ চল্লিশ হাজাৰৰো অধিক লোকে কেদাৰনাথ ভ্ৰমণ কৰিছিল ।

আনহাতে, কেদাৰনাথৰ দুৱাৰ বন্ধ হোৱাৰ পবিত্ৰ ক্ষণত উত্তৰাখণ্ডৰ চাৰধাম দেৱস্থানম ব'ৰ্ডৰ সদস্য শ্ৰীনিবাস পোষ্টি, জ্যেষ্ঠ সাংবাদিক তথা দেৱস্থানম ব'ৰ্ডৰ সদস্য আশুতোষ ডিমৰি, আয়ুক্ত গড়ৱাল আৰু দেৱস্থানম ব'ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া ৰবিনাথ ৰমন, জিলা উপায়ুক্ত মনোজ গোৱেল, দেৱস্থানম ব'ৰ্ডৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া বি ডি সিং, আৰক্ষী অধীক্ষক আয়ুষ আগৰৱালা, উপ জিলা উপায়ুক্ত জিতেন্দ্ৰ বাৰ্মা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

লগতে পঢ়ক :আজি ভাতৃ-ভগ্নীৰ প্ৰেমৰ প্ৰতীক ‘ভাই ফোঁটা’

ABOUT THE AUTHOR

...view details