নিউজ ডেস্ক, ২৭ নৱেম্বৰ : তেলেংগানা বিধানসভা নিৰ্বাচন সমাগত । ৰাজ্যখনত এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । শাসনাধিষ্ঠিত বিআৰএছৰ উপৰি কংগ্ৰেছ তথা বিজেপিয়েও প্ৰচাৰ কাৰ্য তীব্ৰ কৰি তুলিছে । তাৰ মাজতে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাত নিৰ্বাচনী প্ৰচাৰ চলায় । মোদীয়ে ৰাজ্যখনৰ মেহবুবাবাদ আৰু কৰিমনগৰত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ।
মোদীয়ে তাত কয় যে হুজুৰাবাদৰ জনতাই ইতিমধ্যে ফাৰ্মহাউছৰ মুখ্যমন্ত্ৰীক ট্ৰেইলাৰখন দেখুৱাইছে আৰু তেওঁলোকে এই নিৰ্বাচনত সম্পূৰ্ণ চিনেমাখন দেখুৱাব । তেওঁ লগতে বিশ্বাস ব্যক্ত কৰে যে তেলেংগানাত বিজেপি চৰকাৰ প্ৰথমবাৰৰ বাবে আহি আছে । তেওঁ পুনৰ কয় যে তেলেংগানাত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথম মুখ্যমন্ত্ৰী হ'ব অ'বিচি ব্যক্তি ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেলেংগানা বৰ্তমান দহ বছৰীয়া হৈছে । তেলেংগানাৰ ভৱিষ্যতৰ বাবে পৰৱৰ্তী পাঁচ বছৰ গুৰুত্বপূৰ্ণ হ'ব । তেওঁ পৰৱৰ্তী পাঁচ বছৰত ৰাজ্যখন দেশৰ শীৰ্ষস্থানত উপনীত হোৱাৰ আকাংক্ষা কৰিছে । প্ৰধানমন্ত্ৰীয়ে কয় যে তেলেংগানাত বিজেপি চৰকাৰৰ প্ৰয়োজন আছে । সেয়ে জনসাধাৰণক উন্নয়নৰ বাবে বিজেপিক ভোট দিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে তেলেংগানাত বৰ্তমান পৰিৱৰ্তনৰ বতাহ বৈ আছে । পৰিৱৰ্তন অৱধাৰিত ।