অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিবলৈ দাবী - KASHMIR

জম্মু-কাশ্মীৰ(JAMMU-KASHMIR) সন্দৰ্ভত ৰাজনৈতিক দলৰ নেতাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(NARENDRA MODI) বৈঠকত মিলিত হোৱাৰ পূৰ্বে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কাশ্মিৰী পণ্ডিত সতীশ মহলদাৰে । জম্মু-কাশ্মীৰৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ বাবে দাবী জনায় কাশ্মিৰী পণ্ডিত গৰাকীয়ে ।

Kashmiri pandit Satish Mahaldar demands statehood for Jammu and Kashmir
জম্মু কাশ্মীৰক ৰাজ্যৰ মৰ্যাদা দিবলৈ দাবী কাশ্মিৰী পণ্ডিত সতীশ মহলদাৰৰ

By

Published : Jun 24, 2021, 8:00 PM IST

নেশ্যনেল ডেস্ক, ২৪ জুন: কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ(JAMMU-KASHMIR)ক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিবলৈ দাবী জনাইছে প্ৰব্ৰজনকাৰীৰ পুনৰ মিলন, প্ৰত্যাৱৰ্তন আৰু পুনৰ সংস্থাপনৰ অধ্যক্ষ সতীশ মহলদাৰে । এক বিবৃতিত উল্লেখ কৰা মতে, মহলদাৰে কৈছে যে, জম্মু-কাশ্মীৰে ৰাজ্যৰ মৰ্যাদা হেৰুওৱাক লৈ কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ ৰাইজে সদায় অভিযোগ উত্থাপন কৰি আহিছে । জম্মু-কাশ্মীৰৰ জনসাধাৰণে কেইবা দশক ধৰি হাৰাশাস্তি ভূগি আহিছে । বিশেষকৈ সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি লোৱাৰ পিছৰে পৰা এই সমস্যাবোৰ বৃদ্ধি পাইছে ।

সেয়ে যিমান সম্ভৱ সোনকালে পাৰি জম্মু-কাশ্মীৰক ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি দাবী জনাইছে সংগঠনটোৰ নেতৃত্বই । জম্মু-কাশ্মীৰ(JAMMU-KASHMIR) সন্দৰ্ভত ৰাজনৈতিক দলৰ নেতাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(NARENDRA MODI) বৈঠকত মিলিত হোৱাৰ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কাশ্মিৰী পণ্ডিত সতীশ মহলদাৰে । তেওঁ লগতে কয় যে, সংখ্যালঘু আৰু সুবিধাৰ পৰা বঞ্চিত সম্প্ৰদায়সমূহৰ অধিকাৰ সুৰক্ষিত কৰা, চাকৰিৰ ক্ষেত্ৰত স্থানীয় লোকক অগ্ৰাধিকাৰ দিয়া, শিক্ষানুষ্ঠান, উদ্যোগ, ভূমিৰ সুৰক্ষা আৰু বিধানসভাত সংখ্যালঘুসকলৰ প্ৰতিনিধিত্বসহ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰ কৰিব লাগে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে জম্মু-কাশ্মীৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সৰ্বদলীয় বৈঠক আহ্বান জনাইছে । অনুচ্ছেদ 370 আৰু অনুচ্ছেদ 35(A) বাতিলৰ পাছত এইখনে হৈছে প্ৰথমখন সৰ্বদলীয় বৈঠক ৷ এই বৈঠক সন্দৰ্ভত কংগ্ৰেছ পূৰ্বেই স্পষ্ট মত প্ৰকাশ কৰিছিল যে, তেওঁলোকে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ প্ৰস্তাৱত উল্লেখ কৰা দাবী অৰ্থাৎ পূৰ্ণৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ দাবী পুনৰ উত্থাপন কৰিব ।

লগতে পঢ়ক:ক'ভিড-১৯য়ে হৃদযন্ত্ৰক কেনেদৰে প্ৰভাৱিত কৰে ?

ABOUT THE AUTHOR

...view details