নেশ্যনেল ডেস্ক, ৪ নৱেম্বৰ: কৰ'ণা মহামাৰীৰ ভয়াৱহতা সম্পূৰ্ণৰূপে দূৰ নৌহওতেই এইবাৰ আৰম্ভ হৈছে জিকা(Zika) ভাইৰাছৰ সংক্ৰমণ । উত্তৰ প্ৰদেশৰ কানপুৰত এই পৰ্যন্ত ৩৬ জন লোক এই ভাইৰাছবিধৰ কবলত পৰিছে । বৃহস্পতিবাৰে জিলা স্বাস্থ্য বিভাগে জনোৱা মতে, নতুনকৈ ২৫ জন লোকৰ দেহত জিকা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । বুধবাৰে দুগৰাকী গৰ্ভৱতী মহিলাও জিকা ভাইৰাছত আক্ৰান্ত হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে ।
কানপুৰৰ মুখ্য চিকিৎসা বিষয়া ডাঃ নেপাল সিঙে জনাইছে যে, প্ৰতিদিনে ৪০০-৫০০ লোকৰ নমুনা পৰীক্ষা কৰি থকা হৈছে । স্বাস্থ্য বিভাগৰ কৰ্মীয়ে ঘৰে ঘৰে গৈও নমুনা সংগ্ৰহ কৰিছে । তেওঁ লগতে কয় যে, কানপুৰবাসীক ভাইৰাছৰ বৰ্ধিত সংক্ৰমণক লৈ আতংকিত নহ'বলৈ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা পৰামৰ্শ আগবঢ়োৱা হৈছে । চহৰখনৰ তিৱাৰীপুৰ, আশ্ৰফাবাদ, পোখৰপুৰ, শ্যাম নগৰ আৰু আদৰ্শ নগৰ অঞ্চলত নতুনকৈ জিকা ভাইৰাছৰ সংক্ৰমণ হোৱা দেখা গৈছে । ভাইৰাছবিধৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ আৰু উৎস বিচাৰি উলিয়াবলৈ স্বাস্থ্য বিভাগৰ কেইবাটাও দলক চেনিটাইজেচন কাৰ্যসূচীত নিয়োজিত কৰা হৈছে ।