নেশ্যনেল ডেস্ক, ২২ আগষ্ট: ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবে কৰা আন্দোলনৰ নেতৃত্ব দিয়া নেতাসকলৰ মাজৰ এজন আগশাৰীৰ নেতা হিচাপে গণ্য কৰা হয় উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙক । কল্যাণ সিং উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা সময়তে ১৯৯২ চনৰ ৬ ডিচেম্বৰত পবিত্ৰ চহৰ অযোধ্যাত হাজাৰ হাজাৰ 'কৰ সেৱক' সমবেত হৈছিল । এই ঘটনাৰ পাছতে তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰে ।
অৱশ্যে, তেওঁ কেতিয়াও ঘটনাটোৰ বাবে অনুশোচনা কৰা নাছিল ৷ বৰং গৌৰৱ অনুভৱ কৰিছিল । বৰঞ্চ এই ঘটনাই তেওঁক ভগৱান ৰামৰ একান্ত ভক্ত আৰু ৰাম মন্দিৰ আন্দোলনৰ "নায়ক"ত পৰিণত কৰিছিল । ভাৰতীয় জনতা পাৰ্টীয়ে ৰাম মন্দিৰ আন্দোলনৰ পটভূমিতে ৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ এক সুকীয়া প্ৰতীক চিহ্নিত কৰিছিল ৷ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবে কৰা আন্দোলনৰে জড়িত নেতাসকল ৰাজনৈতিকভাৱে লাভান্বিত হৈছিল । এই আবেগৰ ভিত্তিতে গেৰুৱা দলটোৱে কেৱল কেন্দ্ৰতে নহয়, হিন্দু সম্প্ৰদায়ৰ আধিপত্য থকা ভাৰতৰ বহু ৰাজ্যতো ক্ষমতালৈ আহিছিল ।
কল্যাণ সিঙে গ্ৰহণ কৰা কেতবোৰ কঠোৰ সিদ্ধান্ত :
১৯৯২ চনৰ ৬ ডিচেম্বৰৰ পুৱা যেতিয়া অযোধ্যাৰ বিতৰ্কিত ভূমিৰ চাৰিওফালে কাৰ সেৱকসকল সমবেত হৈছিল, তেতিয়া ফৈজাবাদ জিলাৰ(বৰ্তমানৰ অযোধ্যা) তদানীন্তন জিলা দণ্ডাধীশে ৰাজ্য চৰকাৰলৈ গুলীচালনাৰ অনুমতি বিচাৰি এখন লিখিত প্ৰতিবেদন প্ৰেৰণ কৰিছিল । জ্যেষ্ঠ সাংবাদিক পি এন দ্বিবেদীয়ে জনোৱা মতে, তেতিয়াৰ মুখ্য সচিবে মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ সন্মুখত ফৈজাবাদৰ জিলা দণ্ডাধীশৰ প্ৰতিবেদন উপস্থাপন কৰিছিল ।
এই প্ৰতিবেদনখনত স্পষ্টকৈ লিখা হৈছিল যে, সাকেত মহাবিদ্যালয়ৰ সমীপত তিনিৰ পৰা চাৰি লাখ লোক সমবেত হৈছে । এই কথা উল্লেখ কৰি জিলা প্ৰশাসনে গুলীচালনা কৰা উচিত হ’ব নে নহ'ব প্ৰশ্ন কৰিছিল । প্ৰতিবেদনখনত লগতে স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে, গুলীচালনা কৰিলে অভাৱনীয়ভাৱে ৰক্তপাত হোৱাটো নিশ্চিত । এই পৰিস্থিতিৰ বিষয়ে গভীৰভাৱে চিন্তা কৰি মুখ্যমন্ত্ৰী সিঙে গুলীচালনা কৰিবলৈ অনুমতি দিয়াৰ পৰা বিৰত আছিল । তেওঁ ভীৰ নিয়ন্ত্ৰণ কৰিবলৈ জিলা প্ৰশাসনক আন বিকল্প ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল ।
মীৰ বাকীয়ে নিৰ্মাণ কৰা বাবৰি মছজিদ :
লোকবিশ্বাস অনুসৰি, মোগল সম্ৰাট বাবৰৰ সেনাপতি মীৰ বাকীয়ে ১৫২৮ চনত উক্ত স্থানত পূৰ্বৰে পৰা থকা এটা ৰাম মন্দিৰ ধ্বংস কৰি বাবৰি মছজিদ নিৰ্মাণ কৰিছিল । কল্যাণ সিঙে সদায় বিশ্বাস কৰিছিল যে, কোটি কোটি হিন্দুৰ অনুভূতিত আঘাত হানিবলৈ ৰাম মন্দিৰ ধ্বংস কৰাৰ পিছত মীৰ বাকীয়ে মছজিদ নিৰ্মাণ কৰিছিল ।