অসম

assam

ETV Bharat / bharat

মিথুন চক্ৰৱৰ্তীক সাক্ষাৎ কৈলাশ বিজয়বৰ্গীয়াৰ

বিজেপিত যোগদান কৰাৰ পূৰ্বে মিথুন চক্ৰৱৰ্তীক সাক্ষাৎ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা পশ্চিমবংগৰ কেন্দ্ৰীয় পৰ্যবেক্ষক কৈলাশ বিজয়বৰ্গীয়াই । মিথুন চক্ৰৱৰ্তীক সাক্ষাৎ কৰাৰ বিষয়ে টুইটযোগে শ্বেয়াৰ কৰিলে নেতাগৰাকীয়ে ।

By

Published : Mar 7, 2021, 1:44 PM IST

যোগদানৰ পূৰ্বে মিথুন চক্ৰৱৰ্তীক সাক্ষাৎ বিজেপি নেতা কৈলাশ বিজয়বৰ্গীয়াৰ
যোগদানৰ পূৰ্বে মিথুন চক্ৰৱৰ্তীক সাক্ষাৎ বিজেপি নেতা কৈলাশ বিজয়বৰ্গীয়াৰ

নেশ্যনেল ডেস্ক,৭ মাৰ্চ:শেহতীয়াকৈ সংবাদ শিৰোনাম দখল কৰিছে বিশিষ্ট অভিনেতা তথা প্ৰাক্তন টিএমচিৰ সাংসদ মিথুন চক্ৰৱৰ্তীয়ে । অভিনেতাগৰাকীয়ে বিজেপিত যোগদানৰ কথা স্পষ্ট হোৱাৰ পিছতে ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা পশ্চিমবংগৰ কেন্দ্ৰীয় পৰ্যবেক্ষক কৈলাশ বিজয়বৰ্গীয়াই টুইটাৰত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে ।

যোগদানৰ পূৰ্বে মিথুন চক্ৰৱৰ্তীক সাক্ষাৎ বিজেপি নেতা কৈলাশ বিজয়বৰ্গীয়াৰ

নেতাগৰাকীয়ে কলকাতাৰ বেলগাচিয়াত মিথুন চক্ৰৱৰ্তীক সাক্ষাৎ কৰাৰ কথা উল্লেখ কৰে পোষ্টটোত । অভিনেতাগৰাকীৰ সৈতে বিভিন্ন বিষয়ত কথা পাতিছিল বিজয়বৰ্গীয়াই । তাৰ মাজতে অভিনেতাগৰাকীৰ কিছুমান কথাই বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীক আৱেগিক কৰাৰ কথা টুইটযোগে উল্লেখ কৰে নেতাগৰাকীয়ে ।

যোগদানৰ পূৰ্বে মিথুন চক্ৰৱৰ্তীক সাক্ষাৎ বিজেপি নেতা কৈলাশ বিজয়বৰ্গীয়াৰ

পোষ্টটোত উল্লেখ কৰা অনুসৰি মিথুন চক্ৰৱৰ্তীৰ জীৱন কাহিনী আৰু দৰিদ্ৰ লোকৰ প্ৰতি থকা তেওঁৰ মৰমৰ কাহিনীবোৰে নেতাগৰাকীক আবেগিক কৰি তোলে ।

লগতে পঢ়ক:জন্মু-কাশ্মীৰত ভূমিকম্পৰ জোকাৰণি

For All Latest Updates

ABOUT THE AUTHOR

...view details