আগৰতলা,৮ জানুৱাৰী :অহা বছৰ ত্ৰিপুৰাত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । তাৰ পূৰ্বে এতিয়া বিজেপিৰ শীৰ্ষ নেতাসকলৰ আগমন ঘটিছে ৰাজ্যখনলৈ । শেহতীয়াকৈ ৰাজ্যখনৰ কেইবাটাও আঁচনি শুভাৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । ইয়াৰ পাছতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ত্ৰিপুৰা ভ্ৰমণৰ কথা আছিল ।
জানিব পৰা মতে বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সাংগঠনিক বৈঠকৰ উদ্দেশ্যে ১০ জানুৱাৰীত ত্ৰিপুৰালৈ অহাৰ কথা আছিল ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ । কিন্তু দেশজুৰি ক'ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে জে পি নাড্ডাৰ ভ্ৰমণ বাতিল কৰা হৈছে (JP Nadda’s Tripura visit postponed)। প্ৰেছ বিজ্ঞপ্তিযোগে ৰাজ্যিক বিজেপিয়ে উল্লেখ কৰিছে যে ক'ভিড লগতে নতুন প্ৰকাৰ অ'মিক্ৰণৰ সংক্ৰমণ বৃদ্ধিৰ বাবে সভাপতিগৰাকীৰ ভ্ৰমণ স্থগিত ৰখা হৈছে । যদিও ত্ৰিপুৰাত এতিয়ালৈ অ'মিক্ৰণৰ এটাও ঘটনা পোহৰলৈ অহা নাই তথাপিও বিষয়টো সহজভাৱে ল'ব বিচৰা নাই ৰাজ্যিক বিজেপিয়ে ।