অসম

assam

By

Published : May 1, 2023, 2:17 PM IST

ETV Bharat / bharat

Karnataka Election 2023 : কৰ্ণাটকত বিজেপিয়ে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ

আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই মুকলি কৰে কৰ্ণাটক নিৰ্বাচনৰ বাবে নিৰ্বাচনী ইস্তাহাৰ ৷ অহা 10 মে’ত কৰ্ণাটক বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু 13 মে’ত ভোট গণনা কৰা হ’ব (BJP Released Manifesto) ।

Karnataka Election 2023
Karnataka Election 2023

নেশ্যনেল ডেস্ক, 1 মে’ : আজি বিজেপি দলে মুকলি কৰে কৰ্ণাটক নিৰ্বাচনৰ বাবে নিৰ্বাচনী ইস্তাহাৰ ৷ দলটোৱে যুগদী, গণেশ চতুৰ্থী আৰু দীপাৱলী মাহত দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো পৰিয়ালক এটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিনামূলীয়াকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । ইয়াৰ উপৰিও ‘পোষনা’ আঁচনিৰ জৰিয়তে প্ৰতিদিনে বিপিএলৰ পৰিয়ালক আধা লিটাৰ নন্দিনী গাখীৰ আৰু মাহেকীয়া ৰেচন কিটৰ জৰিয়তে পাঁচ কিলোগ্ৰাম শ্ৰী আন্না-ছিৰি ধন্য প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে (BJP Released Manifesto) ।

224 জনীয়া কৰ্ণাটক বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব 10 মে’ত আৰু 13 মে’ত ভোট গণনা কৰা হ’ব । নিৰ্বাচনত বিজেপিৰ 707 জন আৰু কংগ্ৰেছৰ 651 জন প্ৰাৰ্থীৰে মুঠ 3632 জন প্ৰাৰ্থীয়ে অৱতীৰ্ণ হোৱাৰ বিপৰীতে নিৰ্দলীয় হিচাবে 1720 জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব (JP Nadda releases BJPs manifesto)। কৰ্ণাটকত পৰৱৰ্তী চৰকাৰ গঠনৰ দৌৰত কংগ্ৰেছ আগবাঢ়ি থকা যেন লাগে আৰু ইয়াৰ আসনৰ পৰিসৰ 107-119 ৰ ভিতৰত প্ৰক্ষেপিত হোৱাৰ বিপৰীতে বিজেপিয়ে 74 -86 ৰ ভিতৰত ক’ৰবাত আসন লাভ কৰাৰ সম্ভাৱনা আছে বুলি ৰাজনৈতিক বিশ্লেষকে মতামত আগবঢ়াইছে ৷ জনতা দলে (চেকুলাৰ) আসন লাভ কৰাৰ সম্ভাৱনা আছে 23-35 খন আসন (Bharatiya Janata Party president)।

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিজেপিয়ে ৰাজ্যখনৰ কোলাৰ, চন্নপট্টন, আৰু বেলুৰ জিলাত তিনিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে । অহা সাত দিনত ৰাজ্যজুৰি 12 - 15 খন পৰ্যন্ত ৰেলী অনুষ্ঠিত কৰাৰ কথা আছে, প্ৰতিটো ভ্ৰমণতে তিনিখনকৈ ৰেলী অনুষ্ঠিত কৰিব বুলি জানিবলৈ পৰা গৈছে ।

ক্ষমতালৈ ঘূৰি আহিবলৈ বিচৰা কংগ্ৰেছে দেওবাৰে মহিলাসকলৰ বাবে মূলতঃ অংগনবাদী, আশা আৰু অন্যান্য মহিলা শ্ৰমিককে ধৰি কেইবাটাও প্ৰতিশ্ৰুতি আগবঢ়াইছিল । নিৰ্বাচনী সভাত ভাষণ দি কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে কয় যে যদি কংগ্ৰেছে বিধানসভা নিৰ্বাচনত জয়ী হয় তেন্তে অংগনবাড়ীত কৰ্মৰত মহিলাৰ ধন প্ৰতিমাহে 15 হাজাৰ টকালৈ বৃদ্ধি কৰাৰ বিপৰীতে সৰু অংগনবাড়ী কৰ্মীসকলৰ বাবে মাহে 10 হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব । আশা শ্ৰমিকৰ বাবে মাহিলী ধন 8 হাজাৰ টকা আৰু মধ্যাহ্ন ভোজন কাৰ্যসূচীত কাম কৰা মহিলাসকলৰ বাবে মাহিলী 5 হাজাৰ টকা নিৰ্ধাৰণ কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি আগবঢ়ায় ।

লগতে পঢ়ক :May day 2023 : শ্ৰম দিৱসে দেশত শতবৰ্ষ গৰকিবৰ সময়তো শ্ৰমিকে নাপালে প্ৰাপ্য স্বীকৃতি

ABOUT THE AUTHOR

...view details