অসম

assam

ETV Bharat / bharat

Jharkhand accident: কেইবাজনো লোকক মহতিয়াই নিলে এখন বাহনে, থিতাতে নিহত ৩ জন - Jharkhand accident

তীব্ৰ বেগী বাহনে কেইবাজনো লোকক মহতিয়াই লৈ গ'ল । ফলত ৩ জন লোক নিহত হোৱাৰ লগতে কেইবাগৰাকী আহত হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে ।

Jharkhand accident
কেইবাজনো লোকক মহতিয়াই নিলে এখন বাহনে

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 1:40 PM IST

নেশ্যনেল ডেস্ক, ২৯ আগষ্ট :ঝাৰখণ্ডৰ পালামু জিলাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । নিয়ন্ত্ৰণ হেৰুৱাই এখন তীব্ৰ বেগী বাহন চলি গ'ল ডজনৰো অধিক লোকৰ ওপৰেৰে । দুৰ্ঘটনাটোত তিনিজন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে । এই ভয়ংকৰ দুৰ্ঘটনাটো চেইনপুৰৰ বাৰাওন গাঁৱত সংঘটিত হয় । দুৰ্ঘটনাটোত ৩ জন লোক নিহত হোৱাৰ লগতে কেইবাগৰাকী লোক আহত হয় ।

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । দুৰ্ঘটনাটোত একাংশ লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে । আঘাতপ্ৰাপ্ত লোকসকলক ওচৰৰে এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ইফালে নিহত লোকসকলৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই । ইফালে দুৰ্ঘটনা সংঘটিত কৰা টেক্সি চালক আৰু আন লোকসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

আনহাতে দুৰ্ঘটনাটোৰ পাছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰো সৃষ্টি হৈছে । জানিব পৰা মতে দুৰ্ঘটনাটোত নিহত লোকসকল একেখন গাঁৱৰে আছিল । জানিব পৰা মতে বাহনখন নতুনকৈ ক্ৰয় কৰা হৈছিল । দুৰ্ঘটনাত পতিত বাহনখন ডাল্টনগঞ্জ গাধৱা পথৰ গাধৱাৰ পৰা আহি আছিল । ইফালে আৰক্ষীয়ে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে এমএমচিএইচ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।

দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে । অৱশ্যে বাহনখন কি কাৰণত দুৰ্ঘটনাত পতিত হৈছিল । সেয়া এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষীয়ে বাহনখনৰ চালক আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্য সংগ্ৰহ কৰাৰ পাছত হে সকলো তথ্য পোহৰলৈ আহিব ।

লগতে পঢ়ক :Ex NSG commando on explosions : অবৈধ আতচবাজী কাৰখানাৰ বাবে পশ্চিমবংগত বিস্ফোৰণৰ সংখ্যা বৃদ্ধি

ABOUT THE AUTHOR

...view details