অসম

assam

By

Published : Aug 21, 2021, 2:23 PM IST

ETV Bharat / bharat

জনা-নজনা : কেৱল এগৰাকী মহিলা থকা গাঁওখন

মাত্ৰ .21 বৰ্গ কিলোমিটাৰ জুৰি থকা এখন গাঁও । কিন্তু এই গাঁওখনত আছে কেৱল এগৰাকী মহিলা ৷ এখন গাঁৱত কিয় অকলশৰীয়াকৈ থাকে মাথো এগৰাকী মহিলা ?

jana najana : only residents of one american village
জনা-নজনা : কেৱল এগৰাকী মহিলা থকা গাঁওখন

নিউজ ডেস্ক, 21 আগষ্ট :অত্যধিক জনসংখ্যা বৰ্তমান পৃথিৱীৰ আটাইতকৈ ডাঙৰ সমস্যা ৷ সেই সংকটে আৰ্থ-সামাজিক সংকট বৃদ্ধি কৰে ৷ বিশেষকৈ এছিয়া আৰু ভাৰতীয় উপ মহাদেশত জনসংখ্যা সমস্যাই অতি জটিল ৰূপ ধাৰণ কৰিছে ৷ অৱশ্যে কেৱল আৰ্থ-সামাজিক ক্ষেত্ৰতেই নহয়, অৰ্থনেতিক ক্ষেত্ৰটো ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে ৷ এনে সময়তে আমেৰিকাৰ এখন গাঁৱত অকলশৰে বাস কৰি আহিছে এগৰাকী মহিলা ৷

1902 চনত নিৰ্মাণ কৰা গাঁওখন এসময়ত বহুত ধনী আছিল । 1930 চনৰ লোকপিয়ল অনুসৰি, গাঁৱখনত 150 গৰাকী বাসিন্দা আছিল ৷ কিন্তু 2010 চনৰ লোকপিয়ল অনুসৰি সম্প্ৰতি 86 বছৰীয়া এলচি এইলা গাঁৱখনৰ একমাত্ৰ বাসিন্দা ৷ কিন্তু ক’ত গ’ল গাঁৱখনৰ বাকী বাসিন্দাসকল ?

আমেৰিকা যুক্তৰাষ্ট্ৰত আছে এইখন গাঁও । গাঁৱখনৰ নাম মন’ই । আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেব্ৰাস্কাৰ বয়েড কাউণ্টিত অৱস্থিত গাঁৱখন ৷ প্ৰান্তীয় গাঁৱখনত বহু সময়লৈ পৰা নাছিল আধুনিকতাৰ চাপ ৷ ফলস্বৰূপে গাঁৱখনৰ যুৱক-যুৱতীসকলৰ এজনৰ পাছত আনজনে গাঁও এৰি চহৰলৈ যায় ৷ যাৰ বাবে 2000 চনত দেখা গৈছিল যে গাঁৱখনত মাত্ৰ এটা দম্পতীহে বাস কৰি আছে ৷

স্বামীৰ মৃত্যুৰ পাছত এইলা অকলে গাঁৱখনত থাকিবলৈ লয় ৷ গাঁৱখনত এইলাৰ এটা লাইব্ৰেৰী আৰু এখন ৰেষ্টুৰেণ্ট আছে । এইখিনিতে প্ৰশ্ন উত্থাপিত হৈছে যেতিয়া গাঁৱখনত কোনো নাথাকে, সেই নিৰ্জন গাঁৱখনৰ লাইব্ৰেৰী-ৰেষ্টুৰেণ্টলৈ কোন আহিব ? আশ্চৰ্যকৰভাৱে এইলাৰ লাইব্ৰেৰী আৰু ৰেষ্টুৰেণ্টখনলৈ নিকটৱৰ্তী গাঁৱৰ গ্ৰন্থপ্ৰেমীসকল আহি কিতাপ পঢ়িবলৈ যায় । তেওঁলোক ঘূৰি যোৱাৰ পাছত 86 বছৰীয়া এইলা হৈ পৰে গাঁৱখনৰ একমাত্ৰ বাসিন্দা !

লগতে পঢ়ক :জনা-নজনা : চলন্ত বাহন উৰি যোৱা অঞ্চলটো

ABOUT THE AUTHOR

...view details