অসম

assam

By

Published : Aug 22, 2021, 12:55 PM IST

ETV Bharat / bharat

জনা-নজনা : হেৰ’ইনক কাঁহৰ ঔষধ হিচাপে পৰামৰ্শ চিকিৎসকৰ

ড্ৰাগছৰ প্ৰতি আসক্তি বিশ্বজুৰি এক ভয়ংকৰ সামাজিক ব্যাধি হিচাবে পৰিগণিত হৈছে । যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰা এই ড্ৰাগছ আসক্তিয়ে বহুতৰে ভৱিষ্যৎ ধ্বংসৰ দিশলৈ আগবঢ়াই নিছে । কিন্তু আপুনি জানেনে চিকিৎসকে কাঁহৰ ঔষধ হিচাপে হেৰ'ইন গ্ৰহণৰ পৰামৰ্শ দিয়াৰ কথা ?

JANA NAJANA : heroin-was-once-used-as-cough-medicine
জনা-নজনা : হেৰ’ইনক কাঁহৰ ঔষধ হিচাপে পৰামৰ্শ চিকিৎসকৰ

নিউজ ডেস্ক, 22 আগষ্ট : চিকিৎসাৰ বাবে আপুনি চিকিৎসকৰ ওচৰলৈ গৈছে আৰু তেওঁ আপোনাক ঔষধৰ ঠাইত হেৰ’ইন ল’বলৈ পৰামৰ্শ দিছে ৷ আপোনাৰ প্ৰতিক্ৰিয়া কেনে হ’ব বাৰু ! চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি আপুনি হেৰ’ইন গ্ৰহণ কৰিবলৈ মান্তি হ’ল কিন্তু যদি হেৰ’ইনৰ প্ৰতি আপুনি আকৃষ্ট হৈ পৰে ! কি হ’ব বাৰু ৷ কি কৰিব আপুনি ৷ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব নে আন কোনো চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব ৷ নে আপুনি চিকিৎসা নকৰাকৈয়ে সুস্থ হ’বলৈ চাব ৷

উনবিংশ শতিকাত চিকিৎসকে কাঁহৰ ঔষধ হিচাপে হেৰ'ইন গ্ৰহণৰ পৰামৰ্শ দিছিল ৷ চিকিৎসকে প্ৰেছক্ৰিপশ্বনটো হেৰ’ইনৰ নামেই লিখি দিছিল ৷ আনকি শিশুকো কাঁহৰ বাবে হেৰ’ইন খাবলৈ দিয়া হৈছিল ৷ হেৰ’ইনক পূৰ্বে কাঁহৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছিল ৷ অবিশ্বাস্য হ'লেও এয়াই সত্য ৷ হেৰ’ইন আকৌ বিভিন্ন প্ৰকাৰৰ আছিল ৷ টনিকৰ পৰা লজেন্সলৈকে ড্ৰপ সকলো ধৰণৰ হেৰ’ইন ৷ এই হেৰ’ইনবোৰ আকৌ বেয়াৰ ফাৰ্মাচিউটিকেলছে(Bayer pharmaceutical) প্ৰস্তুত কৰিছিল আৰু ইয়াক হেৰ’ইন হাইড্ৰ ক্ল’ৰাইড(Hydro Chloride) বুলি কোৱা হৈছিল ৷

হেৰ’ইনক কাঁহৰ ঔষধ হিচাপে পৰামৰ্শ চিকিৎসকৰ

হেৰ'ইনৰ পূৰ্বে মৰ্ফিনক কাঁহৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছিল ৷ কিন্তু কাঁহ কমি গ'লেও ব্যৱহাৰকাৰীসকলৰ মৰ্ফিনৰ প্ৰতি তীব্ৰ আসক্তি গঢ়ি উঠিছিল ৷ সেইকাৰণে মৰ্ফিনৰ বিকল্প হিচাপে বজাৰত হেৰ’ইন প্ৰৱৰ্তন কৰা হৈছিল ৷ কিন্তু সেই সময়ত হেৰ’ইনক ড্ৰাগছ হিচাপে গণ্য কৰা হোৱা নাছিল ৷

লগতে পঢ়ক :জনা-নজনা : কেৱল এগৰাকী মহিলা থকা গাঁওখন

1898 চনত বেয়াৰ ফাৰ্মাচিউটিকেলে হেৰ’ইনক ব্ৰংকাইটিছ, যক্ষ্মা আৰু অন্যান্য কাঁহ সম্পৰ্কীয় ৰোগৰ অমোঘ ঔষধ বুলি জোৰদাৰ প্ৰচাৰ চলোৱাৰ লগতে হেৰ’ইনৰ ব্যৱহাৰ বন্ধ কৰাৰ পাছত ইয়াৰ কোনো আসক্তি নথকাৰ কথা উল্লেখ কৰে ৷ অৱশেষত 1906 চনত, আমেৰিকান মেডিকেল এছ'চিয়েশ্যনে হেৰ’ইন ব্যৱহাৰৰ অনুমতি দিয়ে আৰু হেৰ’ইনক বজাৰত মৰ্ফিনৰ বিকল্প হিচাপেও ব্যৱহাৰ কৰা হয় ।

কিন্তু হেৰ'ইন হাইড্ৰ ক্ল’ৰাইড বজাৰত অহাৰ পিছত ড্ৰাগছৰ প্ৰতি আসক্তি তীব্ৰভাৱে বৃদ্ধি পাব ধৰে ৷ ইয়াৰ বিভিন্ন পাৰ্শ্বক্ৰিয়া দেখা দিবলৈ আৰম্ভ কৰে ৷ কেৱল নিউয়ৰ্ক চহৰতে প্ৰায় ২,০০,০০০ লোক হেৰ’ইনৰ প্ৰতি আসক্ত হ’বলৈ ধৰে ৷ কোকেইন, হেৰ’ইন আৰু গাঞ্জাৰ আসক্তি প্ৰতিৰোধ কৰিবলৈ ১৯১৪ চনত হেৰিচন নাৰ্ক’টিক আইন প্ৰণয়ন কৰা হয় ।

হেৰ’ইনক কাঁহৰ ঔষধ হিচাপে পৰামৰ্শ চিকিৎসকৰ

অৱশ্যে নিউয়ৰ্কৰ আৰক্ষীৰ মতে, হেৰ’ইনৰ প্ৰতি থকা আসক্তিৰ বাবে চহৰখনত সংঘটিত অপৰাধৰ সংখ্যা ৯৪ শতাংশ আছিল । যাৰ বাবে সেই বছৰতে আমেৰিকাই বজাৰত হেৰ’ইন হাইড্ৰ ক্ল’ৰাইডৰ বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছিল । ইয়াৰ পাছতেই ক্ৰমে এখনৰ পাছত আন এখন দেশে হেৰ’ইন হাইড্ৰ ক্ল’ৰাইডৰ এপৰত নিষেধাজ্ঞা জাৰি কৰে ।

ভাৰততো ড্ৰাগছ আইনৰ অধীনত হেৰ’ইনৰ ক্ষেত্ৰত নিষিদ্ধতা আৰোপ কৰা হৈছে । ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা অনুসৰি 5 গ্ৰাম হেৰ’ইনৰ সৈতে ধৰা পৰিলে, এক বছৰলৈকে কাৰাবাস বা 10,000 টকা জৰিমনা বা দুয়োটা শাস্তি প্ৰদান কৰা হয় । আনহাতে 250 গ্ৰাম হেৰ’ইনসহ ধৰা পৰিলে 10 বছৰৰ পৰা 20 বছৰলৈকে কাৰাবাস অথবা 1 লাখ টকা জৰিমনা হ'ব পাৰে ।

লগতে পঢ়ক :জনা-নজনা: পাহাৰ বগাই বগাই কৰে কাপোৰ ইষ্ট্ৰি

ABOUT THE AUTHOR

...view details