অসম

assam

By

Published : Aug 25, 2021, 5:05 PM IST

ETV Bharat / bharat

জনা-নজনা : নৰকৰ দ্বাৰ

আমি কৰা কৰ্মৰ ফল আমি ভোগ কৰিব লাগিব ৷ যদি আমি ভাল কাম কৰো, তেন্তে মৃত্যুৰ পাছত আমি স্বৰ্গলৈ যাম আৰু বেয়া কাম কৰিলে নৰকলৈ যাব লাগিব ৷ কিন্তু আপুনি নৰকৰ দ্বাৰ দেখিছেনে ? যদি দেখা নাই আজি আমি আপোনাক দেখুৱাম নৰকৰ দ্বাৰ ! এইখন জগততে আছে এখন নৰকৰ দ্বাৰ ৷

JANA NAJANA: burning for 40 years the gates of hell of turkmenistan
জনা-নজনা : নৰকৰ দ্বাৰ

নিউজ ডেস্ক, 25 আগষ্ট : দান্তেৰ দা ডিভাইন কমেডি (The Divine Comedy)ৰ কথা সকলোৱে জানে । ডিভাইন কমেডিক প্ৰকৃত মহাকাব্য বুলি কোৱা হয় ৷ এই গ্ৰন্থখনত এজন ব্যক্তিৰ কথা উল্লেখ কৰা হৈছে, যি নিজকে দান্তে বুলি ধাৰণা কৰে ৷ তেওঁ অলৌকিকভাৱে এক অতি সাংসাৰিক যাত্ৰা কৰিবলৈ সক্ষম হয়, য’ত তেওঁ নৰক আৰু স্বৰ্গদেউৰ আত্মাসমূহক দৰ্শন কৰিবলৈ সক্ষম হয় ।

জনা-নজনা : নৰকৰ দ্বাৰ

আমি ক’ব বিচৰা নৰকৰ দ্বাৰখন এইগৰাকী মহান কবিয়ে বৰ্ণনা কৰা নৰকৰ দৰে ! কিন্তু এইয়া কোনো মহাকাব্যৰ কাহিনী নহয় ৷ এই পৃথিৱীতে আছে এখন "নৰকৰ দ্বাৰ" । কিন্তু ক’ত আছে এইখন দ্বাৰ ! কিয় ইয়াক নৰকৰ দ্বাৰ বুলি কোৱা হয় ?

তুৰ্কমেনিস্তানত আছে এই নৰকৰ দ্বাৰ ৷ তুৰ্কমেনিস্তানৰ কাৰাকুম মৰুভূমিৰ ডেৰজে নামৰ এখন গাওঁৰ ওচৰত আছে এই "নৰকৰ দুৱাৰ"। ২৩০ ফুট পুৰণি, ৬৫ ফুট গভীৰ জুইৰ এটা গহ্বৰ ৷ এই গহ্বৰটোক "চয়তানৰ চুইমিং পুল" বুলিও কোৱা হয় ৷ ইয়াত বিগত 40 বছৰ ধৰি জ্বলি আছে জুই ৷

জনা-নজনা : নৰকৰ দ্বাৰ

লগতে পঢ়ক :জনা নজনা: এছিয়া মহাদেশৰ সবাতোকৈ পৰিস্কাৰ গাঁওখন

১৯৭১ চনৰ পৰা এই অঞ্চলত জুই জ্বলি থকা বুলি প্ৰথমে এটা আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল । কিন্তু ক’ৰ পৰা উদ্ভৱ হৈছিল এই জুই ? দৰাচলতে, তুৰ্কমেনিস্তান ১৯৭১ চনত ছোভিয়েট ৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত আছিল ৷

জনা-নজনা : নৰকৰ দ্বাৰ

সেই সময়ত কিছুমান ছোভিয়েট লোকে ভূ-তাত্ত্বিক খনিজ তেলৰ সন্ধানত কাৰাকুম মৰুভূমি অঞ্চলত অভিযান চলাইছিল ৷ তেওঁলোকে অঞ্চলটোত তেওঁলোকৰ কামত ড্ৰিলিং আৰম্ভ কৰিছিল ৷ আৰু কেইদিনমানৰ ভিতৰতে দলটোৱে উপলব্ধি কৰিলে যে ঠাইখনত ভূগৰ্ভস্থ গেছৰ এটা বিশাল ভঁৰাল আছে । বিজ্ঞানীসকলে এই অঞ্চলটোক গেছ মুক্ত কৰিবলৈ কেইবা ঠাইতো গাঁত খান্দি চেষ্টা কৰিছিল ৷

কিন্তু বিজ্ঞানীৰ দলটোৱে অনুমান কৰাৰ দৰে গোটেই অঞ্চলজুৰি থকা গেছ এনেদৰে উলিয়াব পৰা নগ'ল ৷ অৱশেষত তেওঁলোকে ভূপৃষ্ঠৰ এটা ডাঙৰ অংশ মুকলি কৰি চেষ্টা কৰি চালে ৷ কিন্তু বিফল হ’ল ৷ ইয়াৰ পৰিবৰ্তে ভূগৰ্ভস্থ গেছত জ্বলি থকা জুইৰ এটা ডাঙৰ অংশ উন্মুক্ত হৈ পৰিল ৷ বিজ্ঞানীসকলে ভাবিছিল যে এই জুই লাহে লাহে নিৰ্বাপিত হ'ব ৷ কিন্তু বিগত চাৰি দশক ধৰি এই জুই এনেদৰেই জ্বলি আছে ৷ বিজ্ঞানৰ ৰহস্যৰ "নৰকৰ দ্বাৰ" তথা "চয়তানৰ চুইমিং পুল" আজি তুৰ্কমেনিস্তানৰ আটাইতকৈ জনপ্ৰিয় পৰ্যটন স্থলসমূহৰ ভিতৰত এটা ।

লগতে পঢ়ক :জনা-নজনা : বিশ্ব ঐতিহ্যক্ষেত্ৰ উলুৰুক আৰ্য়াছ ৰক

ABOUT THE AUTHOR

...view details