অসম

assam

By

Published : Aug 19, 2021, 1:47 PM IST

ETV Bharat / bharat

জনা নজনা: এছিয়া মহাদেশৰ সবাতোকৈ পৰিস্কাৰ গাঁওখন

আমি সকলোৱে পৰিস্কাৰ পৰিচ্ছন্ন হৈ থাকি ভালপাঁও ৷ আজিকালি চৰকাৰেও স্বচ্ছতাৰ ভিত্তিত পুৰস্কাৰ দিয়া আৰম্ভ কৰিছে ৷ কিন্তু আপুনি জানেনে, এছিয়া মহাদেশৰ সবাতোকৈ পৰিস্কাৰ গাঁওখন ক’ত অৱস্থিত, কেনেদৰে আৰু কোনে পৰিচালনা কৰে এই গাঁওখন ?

JANA NAJANA : Asia Most cleanest village
জনা নজনা: এচিয়া মহাদেশৰ সবাতোকৈ পৰিস্কাৰ গাঁওখন

নিউজ ডেস্ক, 19 আগষ্ট : এছিয়া মহাদেশৰ সবাতোকৈ পৰিস্কাৰ গাঁওখন ভাৰততে আছে ৷ ভাৰতবৰ্ষৰ উত্তৰ-পূৱ প্ৰান্তত অৱস্থিত এই গাঁওখন ৷ হয় আপুনি ঠিকেই শুনিছে ৷ অসমৰ নিচেই কাষতে অৱস্থিত এইখন গাঁও ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানৰ বহু বছৰ পূৰ্বেই এই গাঁৱখন এছিয়া মহাদেশৰ সবাতোকৈ পৰিস্কাৰ গাঁও হিচাপে পৰিগণিত হৈছে ৷ বৰ্তমান এই গাঁওখন পৰ্যটনৰ কেন্দ্ৰ হিচাপেও গঢ় লৈ উঠিছে ৷ গাঁওখনৰ নৈসৰ্গিক পৰিৱেশ ইমানেই মনোমোহা যে, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়া এই গাঁৱখনলৈ পৰ্যটকৰ আগমন ঘটিছে ৷

এছিয়া মহাদেশৰ সবাতোকৈ পৰিস্কাৰ গাঁও মাওলিনং

পিছে ক’ত আছে এই গাঁওখন ৷ ভাৰতবৰ্ষৰ উত্তৰ-পূৱ প্ৰান্ত তথা অসমৰ নিচেই কাষৰীয়া ৰাজ্য মেঘালয়ত আছে এই গাঁওখন ৷ মেঘালয়ৰ পূৱ খাচী হিলচত অৱস্থিত এই গাঁওখন ৷ গাঁওখনৰ নাম মাওলিনং গাঁও ৷ মাওলিনং এখন সৰু কিন্তু আটক ধুনীয়া পাহাৰীয়া গাঁও । খাচীয়া সম্প্ৰদায়ৰ এই গাঁওখন প্ৰধানতঃ মাতৃপ্ৰধান । এই গাঁৱখন পাইনুৰ্চলা সাম্প্ৰদায়িক বিকাশ কেন্দ্ৰ আৰু পাইনুৰ্চলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ।

মাওলিনং মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা ভাৰত-বাংলাদেশ সীমান্তৰ দিশত 90 কিল’মিটাৰ দূৰত্বত অৱস্থিত । ২০১৫ চনৰ লোকপিয়ল অনুসৰি গাঁৱখনৰ মুঠ জনসংখ্যা 500 গৰাকী ৷ ইয়াত মুঠ 95 টা পৰিয়াল আছে আৰু ইয়াৰ স্বাক্ষৰতাৰ হাৰ 100% ।

লিভিং ৰুট ব্ৰীজ

পৰিস্কাৰ-পৰিছন্নতাৰ বাবেই মাওলিনং আজি পৃথিৱী বিখ্যাত । এই গাঁৱখনত চাফ-চিকুণতা বজাই ৰখাত শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে সৰৱ ভূমিকা গ্ৰহণ কৰে ৷ গাঁৱখনৰ লোকসকলে এক নিদিষ্ট দূৰত্বত বাঁহৰ ডাষ্টবিন বহুৱাই তাত পেলনীয়া সামগ্ৰী নিক্ষেপ কৰে । গাঁৱখন ২০০৩ চনত এছিয়াৰ আৰু ২০০৫ চনত ভাৰতৰ সবাতোকৈ পৰিষ্কাৰ গাঁও হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক :জনা নজনা : একেৰাহে 108 মিনিট ধৰি চলা এখন বক্সিং মেচ

গাঁওখনিৰ উপাৰ্জনৰ প্ৰধান উৎস হৈছে কৃষি ৷ অসমৰ দৰেই ইয়াত তামোল গছৰ পৰিমাণ বেছি ৷ সেয়েহে ইয়াৰ লোকসকল চুপাৰী ব্যৱসায়ৰ লগতে জড়িত হোৱা দেখা যায় । পৰ্যটনৰ দিশৰ পৰাও এই গাঁৱখন লাভাৱান্বিত হোৱা পৰিলক্ষিত হয় ।

মাওলিনং গাঁও মাতৃ প্ৰধান ৷ সেয়ে খাচী সম্প্ৰদায়ৰ পৰম্পৰা অনুসৰি এই সমাজৰ সন্তানে জন্মসূত্ৰে মাতৃৰ উপাধি লাভ কৰে । উত্তৰাধিকাৰী সূত্ৰেও পৰিয়ালৰ জ্যেষ্ঠ কন্যাইহে সম্পত্তি লাভ কৰে ।

স্বচ্ছতাক গুৰুত্ব

প্ৰকৃতিয়ে এই গাঁৱখনক পৰ্যটনৰো সুবিধা কৰি দিছে । ইয়াৰে দাঁতিকাষৰীয়া ৰিৱাই অঞ্চলত লিভিং ৰুট ব্ৰীজ (living root bridge) আছে, যি প্ৰাকৃতিকভাৱে সৃষ্ট গছৰ শিপাৰ দলং । ইয়াত প্ৰায় 85 ফুট ওখ বাঁহৰ চাং আছে, য'ৰ পৰা বাংলাদেশৰ ভূমি দৃষ্টিগোচৰ হয় (sky view point)। এনেধৰণৰ পৰ্যটনস্থলীবোৰে ক্ৰমশঃ গাঁৱখনৰ গুৰুত্ব বৃদ্ধি কৰিছে ।

লগতে পঢ়ক :জনা নজনা: ইতিহাসৰ আটাইতকৈ সৰু যুদ্ধখন

ABOUT THE AUTHOR

...view details