আগৰতলা,9 মে’:ভাৰতত আশ্ৰয় গ্ৰহণ কৰি থকা ম্যানমাৰৰ শৰণাৰ্থীসকলক অতিৰিক্ত 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে ত্ৰিপুৰাৰ জাম্পুই পাৰ্বত্য মিজো সন্মিলনে ৷ প্ৰতিবেশী দেশখনত নাগৰিকসকলৰ ওপৰত সেনাই চলোৱা অত্যাচাৰত আক্ৰান্ত লোকসকলে যাতে এই মানৱ সংকট পাৰ কৰিব পাৰে তাৰ বাবে সহায় আগবঢ়াই আহিছে সংস্থাটোৱে ৷
ম্যানমাৰৰ শৰণাৰ্থীক লক্ষাধিক টকাৰ সাহায্য জাম্পুই পাৰ্বত্য মিজো সন্মিলনৰ - জাম্পুই পাৰ্বত্য মিজো সন্মীলন বাতৰি
ম্যানমাৰৰ শৰণাৰ্থীসকলক অতিৰিক্ত 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান ত্ৰিপুৰাৰ জাম্পুই পাৰ্বত্য মিজো সন্মিলনৰ ৷
শনিবাৰে সংস্থাটোৰ সাধাৰণ সম্পাদক ড৹ পউছুৱা স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিযোগে কোৱা হয় যে, ‘ম্যানমাৰত সেনাই অবৈধভাৱে ক্ষমতা অধিগ্ৰহণৰ পিছতেই সাধাৰণ জনতাৰ ওপৰত চলোৱা অমানৱীয় অত্যাচাৰৰ ভুক্তভোগী যিসকল লোকে ভাৰতত আশ্ৰয় গ্ৰহণ কৰিছে, তেওঁলোকৰ সহায়ৰ বাবে জাম্পুই মিজো পাৰ্বত্য সন্মিলনে 1 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে’ ৷ ইয়াৰ উপৰিও এইসকল ভুক্তভোগীৰ প্ৰতি জাম্পুই মিজো পাৰ্বত্য সন্মিলনে সংহতি প্ৰদৰ্শন কৰাৰ কথাও এই বিবৃতিটোত উল্লেখ আছে ৷
লগতে পঢ়ক-ক’ভিডত মৃত্যু ত্ৰিপুৰাৰ ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি নীলমণি দেৱৰ