নেশ্যনেল ডেস্ক,11 জানুৱাৰী : দেওবাৰে জম্মু-কাশ্মীৰৰ ৰামবন জিলাত সংঘটিত হোৱা ভূমিস্খলনৰ বাবে বন্ধ কৰি দিয়া হৈছিল জন্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ ৷ ফলত দেওবাৰে বিয়লি 6 বজাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথটোত আৱদ্ধ হৈ পৰিছিল 2,000 ৰো অধিক বাহন ৷
জিলাখনৰ এজন অধিকাৰীয়ে প্ৰকাশ কৰা অনুসৰি, ৰামবন জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ভূমিস্খলনৰ ঘটনাটো সংঘটিত হয় ৷ যাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ পৰাত জিলাখনৰ ভিন্ন প্ৰান্তৰ প্ৰায় 2000 ৰো অধিক বাহন আৱদ্ধ হৈ পৰে বুলিও অধিকাৰীজনে প্ৰকাশ কৰে ৷