অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰত পুলৱামা আক্ৰমণত জড়িত দুই সন্ত্ৰাসবাদী নিহত - মাছুদ আজহাৰ

জম্মু-কাশ্মীৰত পুলৱামা আক্ৰমণত জড়িত দুই সন্ত্ৰাসবাদী নিহত ৷ নিহত সমীৰ দাৰ ওৰফে হানজালা জেহাদী A+ শ্ৰেণীৰ সন্ত্ৰাসবাদী আছিল আৰু উপত্যকাত সক্ৰিয় হৈ থকা ম'ষ্ট ৱান্টেদ সন্ত্ৰাসবাদীৰ (most wanted terrorist) ভিতৰত অন্যতম আছিল হানজালা জেহাদী ।

militants killed in Saturday encounter
পুলৱামা আক্ৰমণত জড়িত দুই সন্ত্ৰাসবাদী নিহত

By

Published : Aug 1, 2021, 9:57 AM IST

নেশ্যনেল ডেস্ক, ১ আগষ্ট: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত বিভিন্ন স্থানত সংঘৰ্ষ অব্যাহত আছে । কাশ্মীৰৰ দাচিগাম বনাঞ্চলৰ নামিবিয়া আৰু মাৰ্চাৰ অঞ্চলত হোৱা সংঘৰ্ষত পুনৰ এজন সন্ত্ৰাসবাদী নিহত হয় । নিহত সন্ত্ৰাসবাদীজন সমীৰ আহমেদ দাৰ ওৰফে হানজালা জেহাদী বুলি চিনাক্ত কৰা হৈছে । সমীৰ আহমেদ দাৰ কাকাপোৰা পুলৱামাৰ গুণ্ডিবাগৰ বাসিন্দা আছিল আৰু সন্ত্ৰাসবাদী সংগঠন জইশ-ই-মহম্মদৰ (Jaish-e-Mohammed) সৈতে জড়িত আছিল ।

আৰক্ষীৰ তথ্য অনুসৰি, সমীৰ দাৰ ওৰফে হানজালা জেহাদী A+ শ্ৰেণীৰ সন্ত্ৰাসবাদী আছিল আৰু উপত্যকাত সক্ৰিয় হৈ থকা ম'ষ্ট ৱান্টেড সন্ত্ৰাসবাদীৰ (most wanted terrorist) ভিতৰত অন্যতম আছিল হানজালা জেহাদী । তেওঁ ২০১৯ ৰ লেথপোৰা ফিদায়েইন আক্ৰমণতো জড়িত আছিল আৰু এনআইএৰ (NIA) অভিযোগ পত্ৰত সন্ত্ৰাসবাদীজনৰ নাম আছিল ।

আৰক্ষীয়ে জনোৱা মতে সমীৰ আহমেদ দাৰ ওৰফে হানজালা জেহাদীৰ মৃত্যুৰ লগে লগে লেথপোৰা ফিদায়েইন আক্ৰমণত (Lethpora Fidayeen attack) জড়িত ১৯ জন সন্ত্ৰাসবাদীৰ ভিতৰত আঠজন এতিয়ালৈকে নিহত হৈছে , সাতজন উগ্ৰপন্থী তথা অভাৰ গ্ৰাউণ্ড ৱৰ্কাৰক (OGW) গ্ৰেপ্তাৰ কৰা হৈছে আৰু চাৰিজন এতিয়াও পলাতক হৈ আছে ।

জানিব পৰা মতে আৰক্ষী তথা নিৰাপত্তা বাহিনীৰ ওপৰত সংঘটিত কেইবাটাও গ্ৰেনেড আক্ৰমণত জড়িত আছিল সমীৰ দাৰ । কাকাপোৰাৰ সেনা শিবিৰত আক্ৰমণ, গুণ্ডিবাগত টহল দাৰী দলৰ ওপৰত আক্ৰমণ, চিনাৰ বাগ আৰু ৰে'লৱে কাকাপোৰাত দুজন চিআৰপিএফ (CRPF) জোৱানক হত্যা আদি কেইবাটাও গোচৰ ৰুজু কৰা হৈছিল সন্ত্ৰাসবাদীজনৰ বিৰুদ্ধে । আৰক্ষী সূত্ৰ মতে বহু যুৱকক সন্ত্ৰাসবাদী দলত যোগদান কৰিবলৈ অনুপ্ৰেৰিত কৰাৰ লগতে নিয়োগ কৰাতো প্ৰভাৱশালী ভূমিকা আছিল সমীৰ দাৰৰ ।

ইয়াৰ পূৰ্বে আৰক্ষীয়ে জনোৱা মতে নিহত দুজন উগ্ৰপন্থীৰ ভিতৰৰ প্ৰথমজন শীৰ্ষ পাকিস্তানী সন্ত্ৰাসবাদী কামাণ্ডাৰ আৰু জইশ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ এজন আত্মীয় আছিল । নিহত মহম্মদ ইছমাইল আলভি ওৰফে লাম্বু জৈশৰ মুৰব্বী মাছুদ আজহাৰৰ পৰিয়ালৰ সদস্য আছিল আৰু ২০১৯ চনৰ ফেব্ৰুৱাৰীত পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ (Pulwama Attack) ষড়যন্ত্ৰত জড়িত আছিল য'ত ৪০ জন চিআৰপিএফ লোক শ্বহীদ হৈছিল ।

লগতে পঢ়ক:অব্যাহত আছে সীমান্ত বিবাদ সম্পৰ্কীয় ভাৰত-চীনৰ বৈঠক

ABOUT THE AUTHOR

...view details