অসম

assam

জম্মু-কাশ্মীৰত জীৱন্ত পক্ষীৰ আমদানি নিষিদ্ধ

বৃহস্পতিবাৰে উধমপুৰত ১৫০টা মৃত কাউৰী উদ্ধাৰ হোৱাৰ পিছতে জম্মু-কাশ্মীৰ চৰকাৰে নিষিদ্ধ কৰিলে জীৱন্ত পক্ষীৰ আমদানি । অহা ১৪ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নতুন নিয়ম ।

By

Published : Jan 8, 2021, 1:33 PM IST

Published : Jan 8, 2021, 1:33 PM IST

জম্মু-কাশ্মীৰত জীৱন্ত পক্ষীৰ আমদানি নিষিদ্ধ
জম্মু-কাশ্মীৰত জীৱন্ত পক্ষীৰ আমদানি নিষিদ্ধ

নেশ্যনেল ডেস্ক, ৭ জানুৱাৰী: বহু কেইখন ৰাজ্যত বাৰ্ড ফ্লুৰ ভয়াৱহতা অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত উদ্ধাৰ হয় ১৫০টা মৃত কাউৰী । এই ঘটনাৰ পিছতে জম্মু-কাশ্মীৰ চৰকাৰে জীৱন্ত পক্ষীৰ আমদানিৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আনিছে । ফাৰ্মৰ হাঁহ-কুকুৰাৰ মাংস আমদানিও নিষিদ্ধ কৰা হৈছে কেন্দ্ৰীয় শাসিত অঞ্চলটোত । চলিত বৰ্ষৰ অহা ১৪ জানুৱাৰীৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী কৰা হ'ব ।

চুবুৰীয়া কেইবাখনো ৰাজ্যত বাৰ্ড ফ্লুৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে জম্মু-কাশ্মীৰ চৰকাৰে । আনহাতে, বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত কাউৰীৰ মৃত্যু হোৱা ঘটনাৰ প্ৰকৃত কাৰণ বিচাৰি উলিয়াবলৈ মৃত কাউৰীৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । ঠাণ্ডা সহ্য কৰিব নোৱাৰি কাউৰীকেইটাৰ মৃত্যু হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে উধমপুৰ জিলাৰ পশুপালন বিভাগৰ মুৰব্বী বিষয়া ড০ ইন্দ্ৰজিৎ সিঙে । লগতে ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ মৃত্যু হৈছে নেকি সেই বিষয়ে নিশ্চিত হোৱাৰ বাবে যাৱতীয় পৰীক্ষা কৰা হ'ব বুলিও জানিবলৈ দিছে বিষয়াগৰাকীয়ে ।

উল্লেখ্য যে, ৰাজস্থান, মধ্য প্ৰদেশ, হিমাচল প্ৰদেশ আৰু কেৰালাত এভিয়ান ইনফ্লুৱেঞ্জাৰ দ্বাৰা সংক্ৰমিত হোৱা বহুকেইটা ঘটনা পঞ্জীয়ন কৰা হৈছে । পক্ষীৰ দেহত দেখা পোৱা বাৰ্ড ফ্লুৰ লক্ষণ পৰ্যবেক্ষণ কৰি ইয়াক নিয়ন্ত্ৰণ কৰাৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিৰ্দেশ দিছে । চিকিৎসা বিশেষজ্ঞৰ মতে, এভিয়ান ইনফ্লুৱেঞ্জা এভিয়ান ফ্লুৰ সংক্ৰমণৰ দ্বাৰা হয় । স্বাভাৱিকতে এই ভাইৰাছে বনৰীয়া পক্ষীক সংক্ৰমিত কৰে । কিন্তু এই ভাইৰাছে ঘৰচীয়া পক্ষী, জন্তু আৰু ফাৰ্মৰ হাঁহ, কুকুৰাকো সংক্ৰমিত কৰিব পাৰে ।

লগতে পঢ়ক:বাৰ্ড ফ্লুৰ বাবে ৰাজ্যসমূহলৈ সতৰ্কতা জাৰি পৰিৱেশ মন্ত্ৰণালয়ৰ

ABOUT THE AUTHOR

...view details