অসম

assam

By

Published : Jan 10, 2021, 10:36 PM IST

ETV Bharat / bharat

জম্মু আৰু কাশ্মীৰত প্ৰৱল তুষাৰপাতক ৰাজ্যিক দুৰ্যোগ ঘোষণা

জম্মু আৰু কাশ্মীৰত প্ৰৱল তুষাৰপাতক ৰাজ্যিক দুৰ্যোগ ঘোষণা উপ ৰাজ্যপাল মনোজ সিন্হাৰ । প্ৰতিকূল বতৰৰ প্ৰত্যাহ্বান নেওচি 24 ঘন্টাই সেৱা আগবঢ়োৱা বিষয়া কৰ্মচাৰীক প্ৰশংসা উপ ৰাজ্যপালগৰাকীৰ ৷

J&K govt declares heavy snowfall as state specific natural calamity
জম্মু আৰু কাশ্মীৰত প্ৰৱল তুষাৰপাতক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা

নিউজ ডেস্ক, 10 জানুৱাৰী : জম্মু আৰু কাশ্মীৰৰ উপ ৰাজ্যপাল লেফটেনেন্ট গৱৰ্ণৰ মনোজ সিনহাই ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ অধীনত প্ৰৱল তুষাৰপাতক ৰাজ্যিক দুৰ্যোগ হিচাপে ঘোষণা কৰিছে । তেওঁ তুষাৰপাতৰ সম্ভাৱনা থকা অঞ্চলসমূহত তাৎক্ষণিকভাৱে 4x4 টা উদ্ধাৰকাৰী বাহনৰ লগতে এম্বুলেন্স সেৱা নিয়োগ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ।

উপ ৰাজ্যপালগৰাকীয়ে লগতে তুষাৰপাতৰ সময়ত পথৰ পৰা বৰফ আঁতৰাবলৈ প্ৰয়োজনীয় গাড়ী, যন্ত্ৰপাতি আৰু সঁজুলিসমূহ যোগান ধৰাৰ লগতে জৰুৰীকালীন সকলো সুবিধা এই সময়ছোৱাত উপলব্ধৰ নিৰ্দেশ দিয়ে । ইয়াৰ লগতে প্ৰতিকূল বতৰৰ বাবে সকলো প্ৰত্যাহ্বান নেওচি 24 ঘন্টাই নিজৰ দায়িত্ব সমাপন কৰা বিষয়া-কৰ্মচাৰীক প্ৰশংসা কৰে । তেওঁ প্ৰশাসনকো এই সময়ত সৃষ্টি হ’ব পৰা সমস্যাসমূহ চিনাক্ত কৰি ইয়াৰ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক : জগন্নাথ মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত বাধ্যতামূলক নহ’ব ক’ভিড পৰীক্ষণ

ABOUT THE AUTHOR

...view details