অসম

assam

ETV Bharat / bharat

ঔদ্যোগিকৰণক লৈ পশ্চিম বংগত নিৰ্বাচনী সমীকৰণ বিজেপিৰ

২০১১ চনত বুদ্ধদেৱ ভট্টাচাৰ্য আৰু মমতা বেনাৰ্জীৰ মাজত হোৱা ৰাজনৈতিক ৰণ খনৰ মূল কৰণ আাছিল ঔদ্যোগিকৰণ ৷ পুনৰ বিজেপিৰ সৌজন্যত ঔদ্যোগিকৰণৰ সমস্যাটোৱে পশ্চিম বংগৰ নিৰ্বাচনী দুৱাৰত টোকৰ মাৰিবলৈ উপস্থিত হৈছেহি ৷ নৰেন্দ্ৰ মোদী আৰু মমতা বেনাৰ্জীৰ মাজত আৰু লক্ষ্যত উপনীত হ’বলৈ তৃণমূল আৰু বি জি পি, উভয় দলেই বাচি লৈছে হুগলি জিলাখন ৷ কিয়নো হুগলি জিলাতেই উৎপত্তি হৈছিল সিংগুৰ কাণ্ডৰ ৷

By

Published : Feb 25, 2021, 9:15 PM IST

ঔদ্যোগিকৰণকলৈ পশ্চিম বংগত নিৰ্বাচনী সমীকৰণ বিজেপিৰ
ঔদ্যোগিকৰণকলৈ পশ্চিম বংগত নিৰ্বাচনী সমীকৰণ বিজেপিৰ

বিজেপিৰ সৌজন্যত ঔদ্যোগিকৰণৰ সমস্যাটোৱে পশ্চিম বংগৰ নিৰ্বাচনী দুৱাৰত টোকৰ মাৰিবলৈ পুনৰ উপস্থিত হৈছেহি ৷ ২০১১ চনত বুদ্ধদেৱ ভট্টাচাৰ্য আৰু মমতা বেনাৰ্জীৰ মাজত হোৱা ৰাজনৈতিক ৰণ খনৰ এই সমস্যাটো আাছিল মূল কৰণ ৷ বৰ্তমান এই ৰচী টনা খেলখন চলিছে নৰেন্দ্ৰ মোদী আৰু মমতা বেনাৰ্জীৰ মাজত আৰু লক্ষ্যত উপনীত হ’বলৈ তৃণমূল আৰু বি জি পি, উভয় দলেই হুগলি জিলাখন বাচি লৈছে ৷ উল্লখ্য যে এই হুগলি জিলাতেই সিংগুৰ কাণ্ডৰ উৎপত্তি হৈছিল ৷

যদিও টাটা মটৰ্‌ছে পশ্চিম বংগ ত্যাগ কৰা ১১ টা বছৰ পাৰ হৈ গ’ল; তথাপিও ৰাজ্যখনে ঔদ্যোগিকৰণ বিৰোধী অপবাদটো এতিয়াও কঢ়িয়াই ফুৰিবলগীয়া হৈছে ৷ পশ্চিম বংগই এতিয়াও উৎপাদনকাৰী উদ্যোগৰ সংক্ৰান্তত থকা নেতিবাচক ছবিখন ত্যাগ কৰিবলগীয়া যে আছে সেই কথাৰ প্ৰমাণ ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা বৈঠকবোৰৰ কেইবাটাও সংস্কৰণত পোৱা গৈছিল ৷ বিগত ১০ টা বছৰ ধৰি মমতা বেনাৰ্জী চৰকাৰৰ দ্বাৰা আয়োজিত হৈ থকা ‘দ্য বেংগল গ্ল’ৱেল বিজনেছ ছামিটছেও’ অগ্ৰগামিতাৰ কোনো ধৰণৰ ইংগিত প্ৰদৰ্শন কৰা নাই ৷ যদিও চৰকাৰৰ দ্বাৰা বিভিন্ন তথ্য, পৰিসংখ্যাৰে উদ্যোগবোৰৰ বাবে অনুকূল বাতাৱৰণ এটা দেখুৱাবলৈ কেইবাটাও অত্যুৎসাহী পদক্ষেপ হাতত লোৱা হৈছিল; কিন্তু চৰকাৰৰ ভিতৰ চৰাৰ পৰাই কেইবাজনেও এই তথ্যৰ সত্যসত্যাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছিল ৷ পশ্চিম বংগত পুনৰ এই ঔদ্যোগিকৰণৰ সমস্যাটোৱেই বিজেপিৰ সৌজন্যত দেখা দিছে ৷ আক্ষৰিক অৰ্থতেই মোদীয়ে ৰাজ্যখনত ঔদ্যোগিকৰণত বিস্তাৰিত হৈ থকা টুকুৰাবোৰ একগোট কৰিছে আৰু ‘পৰিবৰ্তনেৰ পৰিনৰ্তন” শ্ল’গানটো উলিয়াইছে ৷ তেওঁৰ নিৰ্বাচনী টোপ হ’ল—যদি বিজেপি ক্ষমতালৈ আহে; তেনেহ’লে ঔদ্যোগিকৰণৰ বাবে এক সুবিধাজনক পৰিৱেশ ঘূৰি আহিব, যুৱচামে চাকৰি পাব আৰু এখন নতুন বংগৰ উদ্ভাসিত হ’ব ৷

মুখ্যমন্ত্ৰী হিচাপে বুদ্ধদেৱ ভট্টাচাৰ্যৰ দ্বিতীয়টো কাৰ্যকালত ৰাজ্যখনে ন শক্তিৰে মহিয়ান এজন মুখ্যমন্ত্ৰী পাবলৈ সক্ষম হৈছিল ৷ মুখ্যমন্ত্ৰী ৰূপে ৰাজ্যখনৰ বাবে বিনিয়োগ সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছিল ৷ পশ্চিম বংগক ঔদ্যোগিক খণ্ডত সঠিক গতি দিয়াৰ উদ্দেশ্যে ভট্টাচাৰ্যক বিদেশকে ধৰি কেইবাখনো ৰাজ্যলৈ যোৱাও দেখা গৈছিল ৷ ‘দ্য ৱিন্টাৰ্ছ বিল্ডিং’ (তেতিয়াৰ ৰাজ্যিক সচিবালয়) সকলো সময়তে দুটা শব্দৰে গুঞ্জৰিত হৈ আছিল—উদ্যোগ আৰু বিনিয়োগ ৷

কিন্তু বাস্তৱত ছবিখন আছিল একেবাৰেই ওলোটা ৷ ভট্টাচাৰ্যৰ সপোন কেতিয়াও বাস্তৱ নহ'লে ৷ কোনো এটা প্ৰমূখ উদ্যোগেই ৰাজ্যখনলৈ নাহিল ৷ কিন্তু ইয়াৰ পৰিৱৰ্তে বুদ্ধদেৱ ভট্টাচাৰ্যয়ে সিংগুৰ আৰু নন্দিগ্ৰামৰ আচোৰহে সহিব লগা হ’ল আৰু বিস্মৃতিৰ গৰ্ভত বিলিন হৈ গ’ল ৷ বামপন্থী ক্ৰমান্বয়ে ৰাজনৈতিক ইতিহাসৰ পৃষ্ঠাত আৱদ্ধ এক কাহিনীত পৰিণত হ’ব ধৰিছিল ৷

বামপন্থী সকল যে ঔদ্যোগিকৰণ বিৰোধী সেই অপবাদটো ভট্টাচাৰ্যই বংগত মচি পেলাব বিচাৰিছিল ৷ তেওঁ জনগণক তথা নিজৰ দলক এই কথাটো বুজাবলৈ বিচাৰিছিল যে ‘কৃষি আমাৰ বুনিয়াদ আৰু উদ্যোগ আমাৰ ভৱিষ্যৎ’ ৷ কিন্তু এই কামত তেওঁ ব্যৰ্থ হ’ল ৷ আনকি ই বুমেৰাং হৈ তেওঁৰ গাতে পৰিছিলহি আৰু এই কথাটোও ব্যাপক চৰ্চিত হৈছিল যে বুদ্ধদেৱ ভট্টাচাৰ্যই ৰঙা চক্ৰবেহুখনৰ সেনাধ্যক্ষ হৈ পৰিছে ৷

মমতাইও ২০১১ চনত বহুল প্ৰচাৰিত এটি শব্দ ‘পৰিৱৰ্তন’ৰ পাচত বংগত উদ্যোগ স্থাপনৰ কথা কৈছিল ৷ এই সময় চোৱাত অহৰহ শিখৰ সন্মিলন, সন্মিলন, বৈঠক আৰু অনুষ্ঠানবোৰ অনুষ্ঠিত হৈ আছিল ৷ কিন্তু এই প্ৰচেষ্টাবোৰৰ পাচতো বিগত ১০ বছৰে কিমানটা উদ্যোগ স্থাপন কৰা হ’ল নাইবা সেইবোৰত কিমান লোকে চাকৰি পালে, কোনোবাই অনুমান কৰিব পাৰিব নে ?

টাটাই সিংগুৰ ত্যাগ কৰাৰ পাচত মমতাই নিশ্চিতি দিছিল যে, কৃষক সকলে তেওঁলোকৰ ভূমি ঘূৰাই পাব ৷ অৱশ্যে কৃষক সকলে তেওঁলোকৰ ভূমি ঘূৰাই পালে; কিন্তু বহু আইনী যুঁজৰ মুৰকতহে ৷ পৰিতাপৰ কথাটো হ’ল তেতিয়ালৈ সিংগুৰৰ কৃষি ভূমিৰ ৰূপ চিৰদিনলৈ সলনি হৈ গৈছিল ৷ বৰ্তমান নিজৰ কৃষি ভূমিক লৈ কি কৰিব লাগে সেই বিষয়ে কৃষক সকল নিশ্চিত ৷ এইবোৰৰ মাজতে বংগত আকৌ ঔদ্যোগিকৰণ বিষয়টোৰ নলহৰেৰে উঠি অহা দেখা গৈছে ৷ কিন্তু এইবাৰ এই বিষয়টো আনিছে এটা তৃতীয় পক্ষ বিজেপিয়ে ৷

এইখিনিতে স্বাভাৱিক প্ৰশ্নটো হ’ল, যদিও বংগত অভ্যৰ্থনাৰ পৰিৱৰ্তন ঘটিছে, অদূৰ ভৱিষ্যতে বংগত কোনো শিল্প-উদ্যোগ থাকিবগৈ নে ? এই প্ৰশ্নৰ সমৰ্থনত গেৰুৱাৰ সমৰ্থক সকলে দাবী কৰি কৈছে যে, উদাহৰণ স্বৰূপে গুজৰাটলৈ চাওক ৷ গুজৰাট হ’ল সেইখন ৰাজ্য যাৰ এসময়ৰ মুখ্যমন্ত্ৰী এতিয়া দেশৰ প্ৰধান মন্ত্ৰী ৷ কোৱা হয়, গুজৰাট এনে এখন ৰাজ্য যি কোনো কালেই শিল্পপতি সকলৰ পৰা আঁতৰি যাবলৈ দিয়া নাই ৷ নৰেন্দ্ৰ মোদীয়ে তেওঁৰ গুজৰাটৰ আৰ্হিত নিৰ্মিত ঔদ্যোগিকৰণৰ সপোনটো বেছিবলৈ প্ৰাক নিৰ্বাচনী বংগৰ ৰণভূমিত ভৰি থৈছে ৷ কিন্তু ই জানো এটা সহজ কাম হ’ব ?

পশ্চিম বংগৰ ভূমি ধাৰণৰ ধৰণটোলৈ লক্ষ্য কৰিলে এই প্ৰশ্নটোৰ উত্তৰ পোৱা যাব ৷ বহু কেইজন বিশেষজ্ঞই আঙুলিয়াই দিছে যে ৰাজ্যখনত একলগে বৃহৎ আকাৰৰ মুকলি ভূমি বিচাৰি পোৱাতো প্ৰকৃতাৰ্থত অসম্ভৱ ৷ এই ক্ষেত্ৰত আটাইতকৈ বেছি ভূগিব উৎপাদনকাৰী উদ্যোগ সমূহে ৷ অকল টাটাই নহয়, বৃহৎ আকাৰৰ মুকলি ভূমিৰ অভাৱত আনকি লাৰ্ছন এণ্ড টাৰব’ইও তাপ বিদ্যুৎ কেন্দ্ৰ এটা স্থাপন কৰাৰ পৰিকল্পনাটো পৰিত্যাগ কৰিব লগাত পৰিছিল ৷ বৰ্তমান তৃণমূল কংগ্ৰেছ চৰকাৰখনৰ স্থিতি হ’ল, শিল্প-উদ্যোগ স্থাপনৰ বাবে কোনো ভূমি অধিগ্ৰহণ কৰা নহ’ব ৷ বিশেষজ্ঞ সকলে অঙুলিয়াই দিছে যে ভূমি সংস্কাৰৰ পৰৱৰ্তী কালচোৱাত যদি চৰকাৰ খনে নিজৰ ভূমি অধিগ্ৰহণ নীতিৰ পৰিৱৰ্তন নকৰে; তেনেস্থলত, পশ্চিম বংগত কোনো বৃহৎ উদ্যোগ স্থাপনৰ বাবে কাৰ্যত কোনো পথেই খোলা নাথাকিব, বিনিয়োগটো এক সুদূৰ পৰাহত কথা ৷ যদি বংগৰ নিৰ্বাচনত জয়ী হৈ তৃণমূল কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহে, তেনেহ’লে ভূমি অধিগ্ৰহণৰ ঠেক পথটো আৰু অধিক ঠেকহে হ’বগৈ ৷ যদি বিজেপিয়ে মমতাক পৰাজিত কৰিবলৈ সক্ষম হয়, তেওঁলোকে নিশাটোৰ ভিতৰতে সকলো সলনি কৰিব পাৰিব জানো ? তেওঁলোকে সেই পৰ্যায়ৰ ইচ্ছা আৰু শক্তি দেখুৱাব নে ?

পশ্চিম বংগত হুৰমূৰকৈ যদি কোনো ঘটনা ঘটে, তেনেহ’লে কি ঘটিব পাৰে তাৰ এক নিৰন্তৰ অনুস্মাৰক হ’ল বুদ্ধদেৱ ভট্টাচাৰ্যৰ ৰাজনৈতিক ভাগ্য ৷ স্বাভাৱিকতেই বিজেপি এই পথৰ পথিক নহ’ব ৷ তেন্তে, মোদী-শ্বাহৰ ঔদ্যোগিকৰণৰ বাবে দিয়া প্ৰতিশ্ৰুতিবোৰৰ কি হ’ব ? ঘটনাক্ৰমত ই সকলো সময়তে বিতৰ্কৰ বিষয় হৈ থকা এক কুহেলিকাত পৰিণত হ’ব নেকি ? এই প্ৰশ্নৰ উত্তৰ পাবলৈ আমি হয়তো বৰ বেছি সময় ৰ’ব নালাগিব ৷

ABOUT THE AUTHOR

...view details