নেশ্যনেল ডেস্ক, ৩ এপ্ৰিল :পুনৰ ভাৰতত সক্ৰিয় হৈছে সন্ত্ৰাসবাদী সংগঠন (ISIS in India) আইএছআইএছ (ISIS) । ভাৰতৰ যুৱক-যুৱতীসকলক যেন লক্ষ্য কৰি লৈছে সন্ত্ৰাসবাদী সংগঠনটোৱে । সামাজিক মাধ্যমৰ জৰিয়তে যুৱপ্ৰজন্মক সন্ত্ৰাসবাদৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সংগঠনটোৱে পৰিকল্পনা কৰিছিল ।
সংগঠনটোৰ বহুজনে সামাজিক মাধ্যমত ভাৰতৰ যুৱপ্ৰজন্মক সন্ত্ৰাসবাদৰ প্ৰতি আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে । এইবাৰ হায়দৰাবাদৰ চাইবাৰ আৰক্ষীৰ জালত পৰিল তেনে এজন ব্যক্তি । হায়দৰাবাদৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ISIS ৰ সমৰ্থক মহম্মদ আবুচানীক (ISIS sympathiser arrested in Hyderabad) । আৰক্ষীয়ে জনোৱা মতে হায়দৰাবাদৰ ফলকনমাৰ বাসিন্দা মহম্মদ আবুচানীয়ে যোৱা কেইমাহমান ধৰি হায়দৰাবাদত ISIS ত ভৰ্তিৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰ কৰি আহিছিল ।
তথ্য অনুসৰি, তেওঁ ISIS ৰ নামত সামাজিক মাধ্যমত কিছুমান পোষ্ট কৰি যুৱক-যুৱতীসকলক সন্ত্ৰাসবাদৰ প্ৰতি আকৰ্ষিত কৰি আহিছে । তেওঁ পূৰ্বে কেইবাবাৰো এনে কাৰ্যকলাপত জড়িত আছিল । আৰক্ষীয়ে আইপি ঠিকনাৰ (IP Address) ওপৰত ভিত্তি কৰি আবুচানীক গ্ৰেপ্তাৰ কৰিছে (Police arrested Abusani based on IP address) ।