অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰত বিনিয়োগ কৰা ধনৰ পৰিমাণ ৫০ হাজাৰ কোটিলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা

চাৰি মাহ পুৰণি ঔদ্যোগিক নীতি প্ৰস্তুত হোৱাৰ লগে লগে জম্মু-কাশ্মীৰৰ বাবে আৱণ্টিত পুঁজিৰ পৰিমাণ বৃদ্ধি পাইছে । জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ বৰুৱাই প্ৰকাশ কৰা তথ্য অনুসৰি, অহা ৭-৮ মাহত জম্মু-কাশ্মীৰত বিনিয়োগ কৰা ধনৰ পৰিমাণ ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

Investment in J&K may touch Rs 50,000 crore
জম্মু কাশ্মীৰত বিনিয়োগ কৰা ধনৰ পৰিমাণ ৫০ হাজাৰ কোটিলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা

By

Published : Aug 7, 2021, 7:24 PM IST

নেশ্যনেল ডেস্ক, ৭ আগষ্ট: কল চেণ্টাৰৰ পৰা আপোনালৈ আহিবলগীয়া পৰৱৰ্তী ফোন কলটো বেংগালুৰু, গুৰগাঁও অথবা হায়দৰাবাদৰ আইটি-হাবৰ পৰা নাহিবও পাৰে, এই ফোন কলটো জম্মু-কাশ্মীৰৰ বান্দিপোৰা অথবা কুপৱাৰাতস্থিত কল চেণ্টাৰৰ পৰাও আহিব পাৰে । এইবোৰ অঞ্চলে এতিয়া সন্ত্ৰাসবাদীৰ বাবেহে বেছিকৈ সংবাদ শিৰোনাম দখল কৰি আছে ।

এতিয়া কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ প্ৰতিখন জিলাত কল চেণ্টাৰ স্থাপনৰ বাবে পৰিকল্পনা যুগুত কৰা হৈছে । জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ বৰুৱাই নিজৰ প্ৰতিবেদনত এই তথ্যবোৰ প্ৰকাশ কৰিছে । জম্মু-কাশ্মীৰ প্ৰশাসনৰ এক চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে, কেন্দ্ৰীয় শাসিত অঞ্চলটোত তথ্য প্ৰযুক্তিৰ সম্ভাৱনা বৃদ্ধি কৰাৰ বাবে প্ৰয়াস কৰি থকা হৈছে ।

এই পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে বহুতো ডাঙৰ ডাঙৰ কোম্পানীয়ে আগ্ৰহ প্ৰকাশ কৰিছে বুলি তেওঁ সূত্ৰটোৱে জানিবলৈ দিছে । ইতিমধ্যে বাৰামুলা আৰু জম্মুত যুৱক-যুৱতীসকলৰ বাবে দুটা উচ্চ প্ৰযুক্তিৰ দক্ষতা কেন্দ্ৰ স্থাপন কৰা হৈছে ।

এই কেন্দ্ৰ দুটাই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স (Artificial Intelligence) আৰু ইণ্টাৰনেট অৱ থিংছ (Internet of Things)ৰ দৰে অত্যাধুনিক ডমেইনত কাম কৰিব । জম্মু-কাশ্মীৰত চাৰি মাহ পুৰণি ঔদ্যোগিক নীতি প্ৰস্তুত হোৱাৰ লগে লগে আবণ্টিত পুঁজিৰ পৰিমাণ বৃদ্ধি পাইছে । এই নীতিয়ে সামৰি লৈছে 'ব্যৱসায়', 'প্ৰকল্প' আৰু 'টাৰ্ণঅ'ভাৰ' আদি বিষয়বোৰ ।

কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ বাবে এতিয়ালৈকে ২৩,০০০ কোটি টকা আৱণ্টন দিয়া হৈছে । ইয়াৰ ভিতৰত কাশ্মীৰত ১১,০০০ কোটি টকা আৰু জম্মুত ১২,০০০ কোটি টকা বিনিয়োগ কৰা হ'ব । চৰকাৰী সূত্ৰটোৱে জনোৱা মতে, এয়া মাত্ৰ আৰম্ভণি । প্ৰশাসনে ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত কেন্দ্ৰীয় শাসিত অঞ্চলত ৫০,০০০ কোটি টকাৰ বিনিয়োগ হ'ব বুলি আশাবাদী ।

প্ৰতিদিনে বিভিন্ন বিনিয়োগকাৰীৰ পৰা তিনি-চাৰিটা ফোন কল আহে বুলিও সূত্ৰটোৱে জানিবলৈ দিছে । ব্যস্ততাৰ বাবে ফোন কলবোৰৰ সঁহাৰি সঠিক ৰূপত দিব পৰা হোৱা নাই । বেছিসংখ্যক ফোনকল মুম্বাই অথবা ভাৰতৰে আন স্থানৰ পৰা অহা যদিও বিদেশৰ পৰা বিশেষকৈ ইউৰোপৰ পৰাও বিনিয়োগকাৰীয়ে যোগাযোগ কৰিছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে ।

বেছিসংখ্যক বিনিয়োগকাৰীয়ে কৃষি আৰু উদ্যানশস্যৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছে । বিনিয়োগকাৰীৰ ইচ্ছা তথা প্ৰয়োজনৰ প্ৰতি লক্ষ্য কৰিলে খাদ্য প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত বহু সুযোগ অহাৰ সম্ভাৱনা আছে । বহু বিনিয়োগকাৰীয়ে ফল উদ্যোগৰ সৈতে বিশেষকৈ আপেল, এপ্ৰিকট, প্লাম, চেৰী আৰু কাঠবাদামৰ আদিৰ ব্যৱসায়ৰে জড়িত হ'ব বিচাৰিছে বুলি সূত্ৰটোৱে জনাইছে । বৰ্তমান জম্মু, চাম্বা আৰু কাঠুৱাত পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণা পূৰ্ণ গতিত চলি আছে ।

লগতে পঢ়ক:জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী সন্ত্ৰাসবাদী

ABOUT THE AUTHOR

...view details