নেশ্যনেল ডেস্ক,8 মাৰ্চ:ঝাৰখণ্ডৰ হাজাৰীবাগৰ এগৰাকী 40 বছৰীয়া শিক্ষয়িত্ৰী ৷ নাম নন্দিনী চক্ৰৱৰ্তী ৷ 1998 চনৰ পৰা শিক্ষয়িত্ৰী বৃত্তি আৰম্ভ কৰা শিক্ষয়িত্ৰী গৰাকী হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰ বিন্দু ৷ কিয়নো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষকতাৰ জীৱন আৰম্ভ কৰা নন্দিনী হৈ পৰিছে আন দহজনৰ বাবে আদৰ্শ ৷ অতি কষ্টেৰে জীৱন অতিবাহিত কৰা শিক্ষয়িত্ৰী গৰাকীয়ে নিজ সন্তানৰ মুখত এমুঠি খাদ্যৰ দিয়াৰ বাবে চলাই গৈছিল জীৱন সংগ্ৰাম ৷ 2004 চনৰ পৰা স্কুল বাছ চলাই অহা শিক্ষয়িত্ৰী গৰাকীয়ে উপাৰ্জন কৰিছিল ধন ৷ তেনেকৈয়ে জীৱন অতিবাহিত কৰি সকলোৰে মাজত সমাদৰ লাভ কৰাত অভিনেতা আমিৰ খানে পুৰস্কৃত কৰিছিল শিক্ষয়িত্ৰী গৰাকীক ৷
শিক্ষয়িত্ৰী গৰাকীয়ে কয়, "মই বিনোৱা ভাৱে বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিভাগত স্নাতক ডিগ্ৰী লাভ কৰি শিক্ষয়িত্ৰী হিচাপে এখন ব্যক্তিগত বিদ্যালয়ত যোগদান কৰো ৷ মোৰ স্বামী এগৰাকী ৰেডিঅ' ঘোষক যদিও পৰিয়াল চলাব পৰাকৈ তেওঁৰ উপাৰ্জন নাছিল ৷ যাৰ বাবে মোৰ সন্তানসহ আমাৰ মৌলিক প্ৰয়োজনখিনি পূৰণ কৰাত বহুতো অসুবিধা হৈছিল ৷ যিহেতু আগৰ পৰাই ভালদৰে গাড়ী চলাব পাৰো সেয়েহে মোৰ স্বামীয়ে মোক স্কুল ভেন চলাবলৈ উৎসাহিত কৰিছিল ৷ সেয়ে বহু ভাবি চিন্তি মই স্কুল ভেন চলাবলৈ সাজু হৈছিলো ৷ 2004 চনত মই মোৰ গহণা বিক্ৰী কৰি এখন স্কুল ভেন কিনো আৰু তেতিয়াৰে পৰা লাহে লাহে আৰ্থিকভাৱে সবল হ'বলৈ ধৰিলো ৷ বৰ্তমান মই 8 খন স্কুল বাছ আৰু আন 4 খন বাহনৰ মালিক" ৷