যদি আমি হজম শক্তি সুস্থ কৰি ৰাখিব বিচাৰো, তেন্তে আমাৰ অন্ত্ৰ সুস্থ হোৱাটো অতি প্ৰয়োজনীয় । বহু সময়ত অন্ত্ৰত কোটি কোটি বেক্টেৰিয়া বৃদ্ধি হ’বলৈ আৰম্ভ কৰে যিয়ে শৰীৰৰ কাৰ্যত বেয়া প্ৰভাৱ পেলাব পাৰে (WHAT IS UNHEALTHY GUT BACTERIA)। এই অৱস্থাটো সময়মতে চিনি পোৱাটো অতি প্ৰয়োজনীয়, নহ’লে আপুনি অসুস্থ হৈ পৰিব পাৰে । সেয়ে এনে পৰিস্থিতিত আপোনাৰ অন্ত্ৰত কৃমি আছে নে নাই কেনেকৈ ধৰা পেলাব এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-
বহু সময়ত আপুনি নিশ্চয় অনুভৱ কৰিছে যে এঘণ্টা খোৱাৰ পিছত ডিঙিত এচিডৰ দৰে জ্বলা-পোৰা অনুভৱ হয়, আচলতে খাদ্য হজম কৰিবলৈ পেটত নিৰ্গত হোৱা এচিড ডিঙিলৈকে আহিবলৈ আৰম্ভ কৰে ৷ এই ক্ষেত্ৰত এইটো জনা উচিত যে আপোনাৰ অন্ত্ৰত পেলু বা কৃমি হৈছে নেকি (HOW DO YOU CLEAR AN UNHEALTHY GUT)।
যদি আপোনাৰ কেইবাদিন ধৰি পেট ফুলাৰ সমস্যাই দেখা দিয়ে, তেন্তে ইয়াক একেবাৰেই সহজভাৱে ল’ব নালাগে (UNHEALTHY GUT SIGNS)। এনে পৰিস্থিতিত তৎক্ষণাত প্ৰয়োজনীয় পৰীক্ষা সম্পন্ন কৰি পেটত কোনো কৃমি আছে নেকি, যিয়ে আপোনাক অশান্তি দিছে, সেইটো চিনাক্ত কৰক (WHAT ARE THE SIGNS OF AN UNHEALTHY GUT)। সেয়ে তলত উল্লেখিত লক্ষণসমূহ দেখা দিলে আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত-