অসম

assam

ETV Bharat / bharat

আন্তঃৰাষ্ট্ৰীয় পৰ্বত দিৱস উপলক্ষে স্ন' চাইক্লিং প্ৰতিযোগিতা - এডভান্সাৰ

এডভেন্সাৰ ট্যু’ৰ অপাৰেটৰছ এছ'চিয়েছন অৱ কাশ্মীৰ আৰু মাউণ্টেইন বাইকিং এছ'চিয়েছন আৰু পৰ্যটন বিভাগে দুঃসাহসিক পৰ্যটনৰ প্ৰসাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্বত দিৱস উপলক্ষে দুদিনীয়া অনুষ্ঠানৰ আয়োজন কৰে ।

আন্তঃৰাষ্ট্ৰীয় পৰ্বত দিৱস উপলক্ষে স্ন' চাইক্লিং প্ৰতিযোগিতা
আন্তঃৰাষ্ট্ৰীয় পৰ্বত দিৱস উপলক্ষে স্ন' চাইক্লিং প্ৰতিযোগিতা

By

Published : Dec 14, 2020, 7:39 PM IST

নেশ্যনেল ডেস্ক, ১৪ ডিচেম্বৰ: আন্তঃৰাষ্ট্ৰীয় পৰ্বত দিৱসৰ লগত সংগতি ৰাখি কাশ্মীৰৰ পৰ্যটন সঞ্চালকালয়ে গুলমাৰ্গত স্ন' চাইক্লিং আৰু স্কী মাইণ্টেইনিৰীং প্ৰতিযোগিতাৰ আয়োজন কৰে । পৰ্বতাৰোহী তথা সন্মানীয় টেনজিং নৰগে দুঃসাহসিক বঁটা বিজয়ী অপৰ্ণা কুমাৰে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে । প্ৰতিযোগীসকলক উত্‍সাহ যোগাই অপৰ্ণা কুমাৰে কয় যে, 'পৰ্যটন সঞ্চালকালয়ে আয়োজিত কৰা দুঃসাহসিক ক্ৰীড়াত বহু যুৱক-যুৱতীয়ে অংশ লোৱা পৰিলক্ষিত হৈছে আৰু জম্মু-কাশ্মীৰৰ নৱ প্ৰজন্মৰ দুঃসাহসিক ক্ৰীড়াৰ বাবে যথেষ্ট আগ্ৰহী আৰু তেওঁলোকৰ দুৰ্দান্ত প্ৰদৰ্শনত মই অভিভূত হৈছো ।'

আন্তঃৰাষ্ট্ৰীয় পৰ্বত দিৱস উপলক্ষে স্ন' চাইক্লিং প্ৰতিযোগিতা

লগতে তেওঁ কয় যে, সমগ্ৰ দেশৰ যুৱক-যুৱতী জম্মু-কাশ্মীৰলৈ অহা উচিত আৰু গুলমাৰ্গত উপলব্ধ স্কী মাইণ্টেইনিৰীঙৰ সুবিধা লোৱা উচিত । দেশৰ কোনো লোকেই এনেকুৱা ৰোমাঞ্চকৰ দৃশ্য উপভোগ কৰাৰ সুযোগ এৰি দিব নালাগে বুলিও তেওঁ মন্তব্য কৰে । পূৰ্বে কাশ্মীৰৰ বহু চাইকেল আৰোহীয়ে প্ৰশাসনে আয়োজন কৰা স্ন' চাইক্লিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল । সীমান্তত দুঃসাহসিক ক্ৰীড়াৰ প্ৰসাৰৰ বাবে পৰ্যটন বিভাগৰ সহযোগত এডভান্সাৰ ট্যু’ৰ অপাৰেটৰছ এছ'চিয়েছন অৱ কাশ্মীৰ আৰু মাউণ্টেইন বাইকিং এছ'চিয়েছনে দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰে ।

লগতে পঢ়ক:গুজৰাটত মঙলবাৰে কেবাটাও প্ৰকল্পৰ শিলান্যাস কৰিব মোদীয়ে

ABOUT THE AUTHOR

...view details