অসম

assam

ETV Bharat / bharat

ছত্তীশগড়ত মজুত নাই পৰ্যাপ্ত পৰিমাণৰ ক’ভিড প্ৰতিষেধক

ছত্তীশগড়ৰ স্বাস্থ্যমন্ত্ৰী টি এছ সিং দেওৱে ৰাজ্যখনত ক’ভিড-19ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ নহয় বুলি কয় । কিয়নো ৰাজ্যখনত পৰ্যাপ্ত পৰিমাণৰ প্ৰতিষেধকৰ পালি মজুত নাই । যাৰ বাবে টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ নহয় ।

chattishgarh
ছত্তীশগড়

By

Published : Apr 30, 2021, 2:58 PM IST

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: ১ মে'ৰ পৰা দেশজুৰি ১৮-৪৫ বছৰলৈকে তৃতীয় পৰ্যায়ৰ টীকাকৰণ অভিযান আৰম্ভ হ'ব । কিন্তু শুকুৰবাৰে ছত্তীশগড়ৰ স্বাস্থ্যমন্ত্ৰী টি এছ সিং দেওৱে ৰাজ্যখনত টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ নহয় বুলি কয় । কিয়নো ৰাজ্যখনত পৰ্যাপ্ত পৰিমাণৰ প্ৰতিষেধকৰ পালি মজুত নাই । যাৰ বাবে টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ নহয় ।

ক’ভিড-১৯ টীকাকৰণ প্ৰস্তুত কৰা চেৰাম ইনষ্টিটিউটক ৰাজ্যখনে কোভিশ্বিল্ডৰ ২৫ নিযুত পালি আগতীয়াকৈ অৰ্ডাৰ দিয়া স্বত্বেও কোনোধৰণৰ সঁহাৰি লাভ কৰা নাই বুলি সিঙে দাবী কৰে । কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় যে ভাৰত বায়'টেকে জুলাই মাহৰ শেষ ভাগৰ পিনে ২৫ নিযুত কোভেক্সিনৰ পালি প্ৰদান কৰিব । ইফালে, কেন্দ্ৰ চৰকাৰে প্ৰতিষেধকৰ বাবে মূল্য নিৰ্ধাৰণ কৰাকলৈও সমালোচনা কৰে স্বাস্থ্যমন্ত্ৰী টি এছ সিং দেওৱে । ৰাজ্যখনত প্ৰায় ১ কোটি ৩০ লাখ জনসংখ্যা আছে ।

উল্লেখ্য যে, ১৮ বৰ্ষৰ উৰ্ধৰ লোকৰ ক’ভিড-১৯ টীকাকৰণ প্ৰক্ৰিয়া ১ মে'ৰ পৰা আৰম্ভ হ'ব ।

লগতে পঢ়ক: অৱশেষত ক'ভিড নিগেটিভ যোগী আদিত্যনাথ

ABOUT THE AUTHOR

...view details