অসম

assam

ETV Bharat / bharat

পুনৰ ক'ভিড-১৯ত আক্ৰান্ত ভাৰতৰ প্ৰথমগৰাকী ক'ভিড ৰোগী - আৰ টি পি চি আৰ

২০২০ চনৰ ৩০ জানুৱাৰী । এই দিনটোতে ভাৰতত প্ৰথমগৰাকী ক'ভিড-১৯ত আক্ৰান্ত ৰোগী চিনাক্ত হৈছিল । তাৰ পাছতেই দেশত ক্ৰমান্বয়ে আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছিল । প্ৰথমগৰাকী ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ দেহত পুনৰ ধৰা পৰিল কৰ'ণা ভাইৰাছৰ অৱস্থিতি ।

India's first COVID patient tests positive again for coronavirus
ভাৰতৰ প্ৰথমগৰাকী ক'ভিড ৰোগীৰ দেহত পুনৰ কৰ'ণা ভাইৰাছৰ অৱস্থিতি

By

Published : Jul 13, 2021, 7:26 PM IST

নেশ্যনেল ডেস্ক, ১৩ জুলাই: পুনৰ ক'ভিড-১৯ (Covid 19)ত আক্ৰান্ত হ'ল ভাৰতৰ প্ৰথমগৰাকী ক'ভিড ৰোগী । মঙলবাৰে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই কথা নিশ্চিত কৰা হয় । ক'ভিড ৰোগীগৰাকী ত্ৰিচুৰৰ এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী । ত্ৰিচুৰৰ জিলা স্বাস্থ্য বিষয়া ডাঃ কে জে ৰীণাই জনোৱা মতে, আৰ টি পি চি আৰ (RTPCR) পৰীক্ষা কৰাৰ সময়তে ছাত্ৰীগৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ।

ছাত্ৰীগৰাকীৰ এণ্টিজেন পৰীক্ষাৰ ফলাফল নিগেটিভ আহে । ছাত্ৰীগৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে যদিও ৰোগৰ আন কোনো লক্ষণ দেখা দিয়া নাই । ছাত্ৰীগৰাকীয়ে অধ্যয়নৰ বাবে নতুন দিল্লীলৈ যোৱাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে ছাত্ৰীগৰাকীৰ ক'ভিড-১৯ পৰীক্ষা সম্পন্ন কৰোৱা হৈছিল । আৰ টি পি চি আৰ পৰীক্ষাত তেওঁ আক্ৰান্ত হোৱাৰ কথা প্ৰমাণিত হয় ।

বৰ্তমান যুৱতীগৰাকী নিজৰ ঘৰতে আছে । উল্লেখ্য যে, ২০২০ চনৰ ৩০ জানুৱাৰীত চীনৰ য়ুহান বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ এই ছাত্ৰীগৰাকী ক'ভিড-১৯ত আক্ৰান্ত হৈছিল আৰু এইগৰাকীয়েই আছিল ভাৰতৰ প্ৰথমগৰাকী ক'ভিড ৰোগী ।

পৰীক্ষা শেষ হোৱাৰ পাছত সেই সময়ত কিছু দিনৰ বাবে ঘৰলৈ আহিছিল ছাত্ৰীগৰাকী । ত্ৰিচুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰায় ৩ সপ্তাহ চিকিৎসাধীন হৈ থকাৰ পাছতে ছাত্ৰীগৰাকী সুস্থ হৈ উঠিছিল । দুবাৰ তেওঁৰ পৰীক্ষা কৰোৱা হৈছিল আৰু তেওঁ দেহত তেতিয়া কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰা নাছিল । সুস্থ হোৱা বুলি নিশ্চিত হোৱাৰ পাছতে চিকিৎসকে ছাত্ৰীগৰাকীক ঘৰলৈ যাবলৈ অনুমতি দিয়ে ।

২০২০ চনৰ ২০ ফেব্ৰুৱাৰীত ছাত্ৰীগৰাকীকৈ সুস্থ হৈ ঘৰলৈ উভতিছিল । এতিয়া পুনৰ ছাত্ৰীগৰাকী ক'ভিড-১৯ত আক্ৰান্ত হৈছে । অৱশ্যে, চিকিৎসকে চিন্তাৰ কাৰণ নাই বুলি নিশ্চিতি প্ৰদান কৰাৰ বাবে এতিয়া তেওঁ হোম আইছ'লেশ্যনত আছে । উল্লেখ্য যে, দেশত এতিয়াও ক'ভিড-১৯ (Covid 19) মহামাৰীৰ সংক্ৰমণ অব্যাহত আছে আৰু ।

লগতে পঢ়ক:উত্তৰ-পূৱত ক'ভিড প্ৰটকল ভংগক লৈ উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details