নেশ্যনেল ডেস্ক, ২৬ নৱেম্বৰ :ভাৰতৰ কৌশলগত স্থিতিয়ে গঠনমূলকভাৱে বিভিন্ন শক্তি খণ্ডৰ সৈতে জড়িত হ'বলৈ সক্ষম হৈছে । জটিল কূটনৈতিক সম্পৰ্ক গঢ়ি তোলাৰ সামৰ্থই দেশখনক আন্তঃৰাষ্ট্ৰীয় সংঘাতৰ সম্ভাৱ্য মধ্যস্থতাকাৰী হিচাপে প্ৰদৰ্শন কৰে । এই মন্তব্য ৰাষ্ট্ৰসংঘৰ ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কম্বোজৰ ।
ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত ৰুচিৰা কম্বোজে কয় যে দ্ৰুত পৰিৱৰ্তন আৰু জটিল প্ৰত্যাহ্বানৰ যুগত ভাৰত কেৱল অপৰিসীম বৈচিত্ৰ্য আৰু সাংস্কৃতিক সমৃদ্ধিৰ ৰাষ্ট্ৰ হিচাপেই নহয়, আন্তঃৰাষ্ট্ৰীয় মঞ্চত এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ হিচাপেও আত্মপ্ৰকাশ কৰিছে । কম্বোজৰ মতে ভাৰতে সহযোগিতা, শান্তি আৰু পাৰস্পৰিক সন্মানৰ নীতিক পুনৰুজ্জীৱিত কৰিছে ।
কম্বোজে যোৱা সপ্তাহত কলম্বিয়া বিশ্ববিদ্যালয়ৰ স্কুল অৱ ইণ্টাৰনেচনেল এণ্ড পাব্লিক এফেয়াৰ্ছত আয়োজিত 'ইণ্ডিয়া ইন দ্যা ইমাৰ্জিং গ্লোবেল অৰ্ডাৰ' শীৰ্ষক এক বিশেষ অনুষ্ঠানত ভাষণ প্ৰদান কৰে । ভাষণ প্ৰসংগত কম্বোজে কয় যে ভাৰতে বিশ্বৰ মধ্যস্থতাকাৰী আৰু মীমাংসাকাৰী হিচাপে দেশখনক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ।
তেওঁৰ মতে, শেহতীয়া বছৰবোৰত আন্তৰ্জাতিক সম্প্ৰদায়ে বিভিন্ন ৰাষ্ট্ৰত আলোচনা আৰু বুজাবুজি বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ সক্ৰিয় দৃষ্টিভংগী প্ৰত্যক্ষ কৰিছে । তদুপৰি, ভাৰতে বন্ধুত্বপূৰ্ণ ইতিহাসৰ সৈতে কৌশলগত স্থিতিৰ জৰিয়তে বিভিন্ন শক্তি খণ্ডৰ সৈতে গঠনমূলকভাৱে জড়িত হ'বলৈ সক্ষম হৈছে বুলিও তেওঁ উল্লেখ কৰে ।
কম্বোজৰ মতে ভাৰতে দেখুৱাইছে যে ভিন্ন মতাদৰ্শ আৰু শাসনৰ আৰ্হি থকা দেশসমূহৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক কেনেকৈ বজাই ৰাখিব লাগে । জটিল কূটনৈতিক বন্ধুত্ব গঢ়ি তোলাৰ এই সামৰ্থ্যই ভাৰতক আন্তঃৰাষ্ট্ৰীয় সংঘাতৰ এক সম্ভাৱ্য মধ্যস্থতাকাৰী হিচাপে প্ৰদৰ্শন কৰে বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে কম্বোজে ।