নেশ্যনেল ডেস্ক,16 মাৰ্চঃ মঙলবাৰে ৰে’ল মন্ত্ৰী পীযুষ গোৱেলে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে যে, ভাৰতীয় ৰে’লৱেক কেতিয়াও ব্য়ক্তিগত খণ্ডৰ হাতত এৰি দিয়া নহয় ৷ কিন্তু ভাৰতীয় ৰে’লৱেক অধিক কাৰ্যক্ষম আৰু সক্ৰিয় কৰি তুলিবলৈহে ব্যক্তিগত খণ্ডৰ বিনিয়োগকাৰীক বিনিয়োগ কৰিবলৈ উৎসাহিত কৰিব ৷ একেদৰে মন্ত্ৰী গৰাকীয়ে সদৰী কৰে যে, ভাৰতীয় ৰে’লৱেত বিগত দুটা বছৰত এজনো যাত্ৰীৰ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা নাই ৷ ৰে’ল যাত্ৰীসকলৰ সুৰক্ষাৰ ওপৰতহে অধিক গুৰুত্ব প্ৰদান কৰা হৈছে ৷
ভাৰতীয় ৰে’লৱেক ব্যক্তিগত খণ্ডলৈ হস্তান্তকৰণ কৰা নহয়: পীযুষ গোৱেল - ভাৰতীয় নাগৰিকৰ সম্পত্তি
পীযুষ গোৱেল কয় যে, দেশখন বিকাশৰ দিশত আগবাঢ়িবলৈ হ’লে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডবোৰে একেলগে কাম কৰিলেহে দেশত অধিক নিয়োগৰ সুযোগ অথবা সুবিধাৰ সৃষ্টি কৰিব পৰা যাব । ভাৰতীয় ৰে’লৱেক কেতিয়াও ব্যক্তিগত খণ্ডলৈ হস্তান্তৰকৰণ কৰা নহয় ৷ ই সদায় প্ৰতিজন ভাৰতীয় নাগৰিকৰ সম্পত্তি হৈ থাকিব ৷
ভাৰতীয় ৰে’লৱেক ব্যক্তিগত খণ্ডলৈ হস্তান্তকৰণ কৰা নহয়ঃ পীযুষ গোৱেল
লগতে পীযুষ গোৱেল কয় যে, দেশখন বিকাশৰ দিশত আগবাঢ়িবলৈ হ’লে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডবোৰে একেলগে কাম কৰিলেহে দেশত অধিক নিয়োগৰ সুযোগ অথবা সুবিধাৰ সৃষ্টি কৰিব পৰা যাব । ভাৰতীয় ৰে’লৱেক কেতিয়াও ব্যক্তিগত খণ্ডলৈ হস্তান্তৰকৰণ কৰা নহয় ৷ ই সদায় প্ৰতিজন ভাৰতীয় নাগৰিকৰ সম্পত্তি হৈ থাকিব বুলি পীযুষ গোৱেলে সদৰী কৰে ৷