অসম

assam

ETV Bharat / bharat

Cyclone Biparjoy : উপকূলৰক্ষী বাহিনীৰ উদ্ধাৰ অভিযানত উদ্ধাৰ ৫০ জন লোক

গুজৰাটৰ উপকূল অঞ্চলত বিপৰ্যয়ৰ প্ৰভাৱ আৰম্ভ হোৱাৰ লগে লগে উদ্ধাৰ অভিযানো আৰম্ভ হৈছে । দ্বাৰকাৰ সমীপৰ সাগৰত আবদ্ধ তেল ৰিঙৰ কৰ্মচাৰীসকলক উদ্ধাৰ কৰিছে উপকূলৰক্ষী বাহিনীয়ে । কী ছিংগাপুৰৰ পৰা মুঠ ৫০ গৰাকী কৰ্মচাৰীক সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হৈছে ।

Cyclone Biparjoy
দ্বাৰকাত উপকূলৰক্ষী বাহিনীৰ উদ্ধাৰ অভিযান

By

Published : Jun 13, 2023, 6:02 PM IST

নেশ্যনেল ডেস্ক,১৩ জুন :ইতিমধ্যে ভাৰতত ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ প্ৰভাৱ আৰম্ভ হৈছে । গুজৰাটৰ উপকূল অঞ্চলত প্ৰভাৱ দেখিবলৈ পোৱা গৈছে । কিছু কিছু স্থান ধাৰাষাৰ বৰষুণ আৰু ধুমুহাৰ কৱলত পৰিছে । গিৰ সোমনাথ জিলাৰ কোডিনাৰ মাধৱাদ গাঁৱত প্ৰচণ্ড সাগৰীয় ঢৌৰ ফলত ৬ টাকৈ ঘৰ ধ্বংসস্তুপত পৰিণত হোৱাৰ খবৰ পোৱা গৈছে । ইফালে প্ৰশাসনো সষ্টম হৈ পৰিছে উপকূল অঞ্চলত ৰেড এলাৰ্ট জাৰি কৰা হৈছে । সমান্তৰালকৈ উপকূল অঞ্চলৰ ৰাইজক স্থানান্তৰৰ প্ৰক্ৰিয়াও অব্যাহত আছে ।

গুজৰাট ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ ভাবুকিৰ সন্মুখীন হোৱাৰ সমান্তৰালকৈ বতাহৰ গতিও বাঢ়িছে । ৰাজ্যখনৰ ৩ খন জিলাত ৰেড এলাৰ্টৰ ঘোষণা কৰাৰ সমান্তৰালকৈ স্থানান্তৰ প্ৰক্ৰিয়া অব্যাহত আছে । ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে দ্বাৰকাৰ সমীপৰ সাগৰত অৱস্থিত তেল ৰিঙত কাম কৰা ৫০ জন লোকক উদ্ধাৰ কৰিছে । গুজৰাটৰ ওখাত থকা জাহাজ তীৰ আৰু এএলএইচ এমকে-৩ জেক আপ ৰিং 'কী ছিংগাপুৰ'ৰ পৰা মুঠ ৫০ গৰাকী কৰ্মচাৰীক সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হৈছে ।

১২ জুনত ২৬ গৰাকী ক্ৰু সদস্যক উদ্ধাৰ কৰা হৈছিল আৰু মঙলবাৰে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ হেলিকপ্টাৰেৰে বাকী ২৪ গৰাকী ক্ৰু সদস্যক উদ্ধাৰ কৰা হয় । ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ দলটোৱে নিজৰ জীৱনৰ কথা চিন্তা নকৰিও তেওঁলোক সকলোকে হেলিকপ্টাৰেৰে উদ্ধাৰ কৰে । ইয়াৰ পূৰ্বে দেওবাৰে দ্বাৰকা আৰু ওখাৰ মাজত সাগৰত এটা তেলৰ ৰিঙত আৱদ্ধ হৈ থকা এটা ব্যক্তিগত কোম্পানীৰ ১১ গৰাকী কৰ্মচাৰীক ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ কৰা হয় ।

ইয়াৰ উপৰিও উপকূল অঞ্চলত বাস কৰা বহু লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে । প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীৰ লোকসকলো সষ্টম হৈ আছে । বিপৰ্যয়ৰ সম্ভাব্য ক্ষতিৰ কথা চিন্তা কৰি জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :Cyclone Biparjoy : গিৰ সোমনাথৰ ৬ টাকৈ ঘৰ ভাঙিলে ঘূৰ্ণীবতাহ বিপৰ্যয়ে

ABOUT THE AUTHOR

...view details