অসম

assam

ETV Bharat / bharat

Indian Army rescue operation : ছিকিমত আৱদ্ধ 1700 পৰ্যটকক উদ্ধাৰ কৰিলে ভাৰতীয় সেনাই

উত্তৰ ছিকিমত আৱদ্ধ 63 জন বিদেশী নাগৰিককে ধৰি 1700 পৰ্যটকক উদ্ধাৰ কৰিলে ভাৰতীয় সেনাই ৷ সংবাদ মাধ্যমৰ যোগেদি ভাৰতীয় সেনালৈ কৃতজ্ঞতা জ্ঞাপন পৰ্যটকৰ ৷

Indian Army rescue operation
1700 পৰ্যটকক উদ্ধাৰ কৰিলে ভাৰতীয় সেনাই

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 9:25 AM IST

1700 পৰ্যটকক উদ্ধাৰ কৰিলে ভাৰতীয় সেনাই

তেজপুৰ, 9 অক্টোবৰ:প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত হৈ পৰাছিকিমত অব্যাহত আছে উদ্ধাৰ অভিযান ৷ উত্তৰ ছিকিমৰ লাচেন, লাচুং, থাংগু আৰু চুংথাং অঞ্চলত আৱদ্ধ হৈ থকা 1700 পৰ্যটকক সাহায্য আগবঢ়াইছে ত্ৰিশক্তি কৰ্পছ ভাৰতীয় সৈন্যই । পৰ্যটকসকলক খাদ্য, চিকিৎসা সাহায্য, যোগাযোগৰ সুবিধা প্ৰদান কৰা হৈছে বুলি পৰ্যটকসকলে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

প্ৰতিকূল পৰিস্থিতি বৰ্তি থকা পৰ্যন্ত ভাৰতীয় সেনাই পৰ্যটকসকলক সুৰক্ষিত ৰখাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে. নিৰুদ্দেশ হোৱা ভাৰতীয় সেনাৰ জোৱানসকলৰ সন্ধান বৰ্তমানেও অব্যাহত আছে আৰু তীস্তা নদীৰ সমীপৰ অঞ্চলসমূহত অনুসন্ধান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে । চিংটামৰ সমীপৰ বুৰ্ডাঙত সংঘটিত হোৱা স্থানত সেনাৰ বাহনসমূহ খান্দি উলিওৱা হৈছে । অনুসন্ধান অভিযান উন্নত কৰিবলৈ টিএমআৰ (Tiranga Mountain Rescue) ৰ দলৰ লগতে অতিৰিক্ত সম্পদ, ট্ৰেকাৰ ডগ, বিশেষ ৰাডাৰৰ ব্যৱস্থা কৰা হৈছে ।

1700 পৰ্যটকক উদ্ধাৰ কৰিলে ভাৰতীয় সেনাই

ইফালে, ত্ৰিশক্তি ক’ৰ্পছ ভাৰতীয় সেনাৰ সৈন্যই উপস্থিত থকা 1471 জন পৰ্যটকৰ হিচাপ ল’বলৈ সক্ষম হৈছে লাচেন/চাটেন, লাচুং আৰু চুংথাং অঞ্চল । 6 অক্টোবৰত বতৰ উন্নত হোৱাৰ লগে লগে হেলিকপ্টাৰেৰে আৱদ্ধ পৰ্যটকক উদ্ধাৰ কৰে ভাৰতীয় সেনাই । ৰাজ্য চৰকাৰ, ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ুসেনাই যৌথভাৱে ক্ষতিৰ মূল্যায়ন আৰু পথ সংযোগ পুনৰুদ্ধাৰৰ পৰিকল্পনাৰ বাবে সংস্থাই জৰীপ চলাই আছে । যান-বাহনৰ যাতায়তৰ বাবে একক পথ মুকলি কৰি চিংটাম আৰু বুৰডাঙৰ মাজৰ পথ সংযোগ পুনৰ স্থাপন কৰা হৈছে ।

যোৱা 4 অক্টোবৰত উত্তৰ ছিকিমত নিৰুদ্দেশ হোৱা জোৱানৰ সন্ধান অব্যাহত ৰাখিছে ত্ৰিশক্তি কৰ্পছ ভাৰতীয় সেনাৰ সৈন্যই । 23 জনৰ ভিতৰত এজনক 4 অক্টোবৰত জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছিল আৰু এতিয়ালৈকে 8 টা মৃতদেহ চিনাক্ত কৰা হৈছে বুলি প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে কয়।

লগতে পঢ়ক:Bengaluru cracker shop fire: একে গাঁৱৰে 14 গৰাকী লোকৰ মৃত্যু, 3 লাখকৈ নগদ সাহায্যৰ ঘোষণা

For All Latest Updates

ABOUT THE AUTHOR

...view details