নেশ্যনেল ডেস্ক, ১৮ আগষ্ট : পৰৱৰ্তী ৫ বছৰত অট’ ম’বাইল নিৰ্মাণৰ ক্ষেত্ৰত মুখ্য কেন্দ্ৰলৈ ৰূপান্তৰিত হ'ব ভাৰত । এই মন্তব্য কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ । তেওঁৰ মতে ভাৰতত বৰ্তমান প্ৰায় সকলো প্ৰতিষ্ঠিত অট’ ম’বাইল ব্ৰেণ্ডে ব্যৱসায় আৰম্ভ কৰিছে । যিহেতু ভাৰতে ইথানল, মিথানল, জৈৱ-ডিজেল, সংকুচিত প্ৰাকৃতিক গেছ (CNG), তৰলীকৃত প্ৰাকৃতিক গেছ (LNG), বৈদ্যুতিক আৰু গ্ৰীণ হাইড্ৰ'জেনৰ সৈতে জড়িত প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে ।
সেয়ে মন্ত্ৰীগৰাকীয়ে আশা কৰা মতে, নিচেই কম সময়তে ভাৰত অট’ ম’বাইল উৎপাদনৰ কেন্দ্ৰ হৈ পৰিব ৷ ইয়াৰ জৰিয়তে যুৱ প্ৰজন্মই নিযুক্তিৰ সুযোগ লাভ কৰিব । পৰিবহণ মন্ত্ৰালয়ে সদৰী কৰা মতে, বাহন স্ক্ৰেপিং নতুন নীতিৰ অধীনত অতি বৈজ্ঞানিকভাৱে কাম কৰা হ'ব ৷ য'ত পুনৰ্ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া হ'ব ।
মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত কয় যে, প্ৰক্ৰিয়াটো মানুহৰ বাবে সৰল কৰা হৈছে ৷ ইয়াক অসুবিধা মুক্ত কৰি তোলা হোৱাৰ লগতে ইয়াৰ কাৰ্যকৰীকৰণ বৈদ্যুতিকভাৱে কৰা হ'ব । নতুন নীতিয়ে স্বয়ংক্ৰিয় পৰীক্ষণ কেন্দ্ৰ (ATS) স্থাপনৰ উদ্দেশ্যে আৰু লগতে সমগ্ৰ ভাৰতত পঞ্জীভুক্ত বাহন স্ক্ৰেপিং সুবিধা (RVSF) নিৰ্মাণৰ বাবে ১০,০০০ কোটি টকা বিনিয়োগ কৰা হ'ব ।
বাহন স্ক্ৰেপেজ নীতি (vehicle scrappage policy) সন্দৰ্ভত বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে কয় যে Road Tax ৰ ক্ষেত্ৰত প্ৰস্তাৱিত ৰেহাই ৰাজ্যসমূহৰ বাবে পৰামৰ্শৰ পৰিৱৰ্তে এক নিয়ম কৰা হ'ব । এইক্ষেত্ৰত কেন্দ্ৰই সিদ্ধান্ত গ্ৰহণ কৰিব । এই আঁচনি অনুসৰি ব্যক্তিগত বাহনৰ বাবে Road tax ২৫ শতাংশ আৰু বাণিজ্যিক বাহনৰ বাবে ১৫ শতাংশলৈকে হ্ৰাস কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । বিৰোধীৰ হাতত থকা কিছুমান ৰাজ্যৰ পৰা এইক্ষেত্ৰত অভিযোগ অহাৰ বাবে ৰাজ্য চৰকাৰে কিমান কৰ ধাৰ্য কৰিব সেয়া কেন্দ্ৰই নিৰ্দেশ দিব নোৱাৰে ।
লগতে পঢ়ক:বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ বিভিন্নগৰাকীৰ জন্মদিনৰ শুভেচ্ছা...