নেশ্যনেল ডেস্ক,14 জানুৱাৰী:শনিবাৰৰ পৰা ভাৰতত আৰম্ভ হ'বলগীয়া ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযানৰ বাবে কেন্দ্ৰীয় চৰকাৰে 3000 টা স্থান নিৰ্বাচন কৰিছে ৷ জানিব পৰা মতে, স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ মুঠ 1.65 কোটি ক'ভিশ্বিল্ড আৰু ক'ভেক্সিন প্ৰেৰণ কৰিছে ৷
3000 খন ঠাইত ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযানৰ বাবে সাজু ভাৰত - 16 জানুৱাৰীৰ পৰা ভাৰতত ক'ভিড 19 প্ৰতিষেধক প্ৰদান অভিযান
16 জানুৱাৰীৰ পৰা ভাৰতত আৰম্ভ হ'ব ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযান ৷ প্ৰতিষেধক প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে বাচনি কৰিছে মুঠ 3000 টা স্থান ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰিব প্ৰতিষেধক প্ৰদান অভিযান ৷
3000 খন ঠাইত ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযানৰ বাবে সাজু ভাৰত
শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰিব ৷ প্ৰাপ্ত তথ্য অনুসৰি, প্ৰথম পৰ্যায়ত সম্পূৰ্ণ বিনামূলীয়াকৈ স্বাস্থ্যকৰ্মী আৰু ক'ৰণা বিৰোধী যুঁজখনত সমুখৰ পৰা যুঁজ দিয়া যোদ্ধাসকলক প্ৰতিষেধক প্ৰদান কৰা হ'ব ৷ মুঠ তিনি কোটি স্বাস্থ্যকৰ্মী আৰু ক'ৰণা বিৰোধী যুঁজৰ সমুখৰ যুঁজাৰুৱে বিনামূলীয়াকৈ প্ৰতিষেধক লাভ কৰিব ৷
লগতে পঢ়ক:সুৰা ট্ৰেজেডী : মধ্যপ্ৰদেশত মৃত্যুৰ সংখ্যা 24 লৈ বৃদ্ধি