নেশ্যনেল ডেস্ক,১৩ মে' :ভাৰতে ব্ৰাহ্ম'ছ এয়াৰ লঞ্চ মিছাইলৰ সফল পৰীক্ষণৰ জৰিয়তে পুনৰ বাৰ বিশ্ববাসীক নিজৰ শক্তিৰ পৰিচয় দিলে । বৃহস্পতিবাৰে Su-30 MKI যুঁজাৰু বিমানৰ পৰা এই মিছাইলৰ সম্প্ৰসাৰিত পৰিসৰৰ সংস্কৰণৰ পৰীক্ষা সফলভাৱে কৰিবলৈ সক্ষম হয় (BrahMos missile from Su 30MKI aircraft)। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, বিমানখনৰ পৰা এই পৰীক্ষণ পৰিকল্পনা অনুসৰি কৰা হৈছিল আৰু মিছাইলে বংগোপসাগৰ অঞ্চলত নিৰ্ধাৰিত লক্ষ্যত পোনপটীয়াকৈ আঘাত কৰিবলৈ সক্ষম হয় ।
এয়া হৈছে Su-30 MKI যুঁজাৰু বিমানৰ পৰা ব্ৰহ্ম'ছ মিছাইলৰ সম্প্ৰসাৰিত পৰিসৰৰ সংস্কৰণৰ প্ৰথম উৎক্ষেপণ । ইয়াৰ দ্বাৰা ভাৰতীয় বায়ু সেনাই Su-30 MKI যুঁজাৰু বিমানৰ পৰা অতি দীঘলীয়া পৰিসৰত থকা স্থল আৰু সাগৰৰ লক্ষ্যত নিখুঁত আক্ৰমণ কৰিবলৈ সক্ষম হ'ব ।