নিউজ ডেস্ক, ২৩ ছেপ্টেম্বৰ : আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰুদ্ধে পুনৰ এবাৰ সৰৱ হৈছে ভাৰত । ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পাকিস্তানৰ কাৰ্যবাহী প্ৰধানমন্ত্ৰী আনৱাৰুল হক কাকাৰৰ বক্তব্যৰ ওপৰত ভাৰতে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । কাকাৰে তেওঁৰ ভাষণত কাশ্মীৰ সমস্যা উত্থাপন কৰিছিল । ইয়াৰ পিছতে ভাৰতে পাকিস্তানক আক্ৰমণৰ লক্ষ্য কৰি লয় ।
উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ দ্বিতীয় সমিতিৰ বাবে ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব পেটেল গহলটে ভাৰতৰ হৈ উত্তৰ প্ৰদানৰ অধিকাৰ সফলভাৱে প্ৰয়োগ কৰে । পেটেলে কয় যে পাকিস্তানে ভাৰতৰ পৰা দখল কৰা অঞ্চলবোৰ খালী কৰা উচিত । ইয়াৰ লগতে তেওঁ পাকিস্তানক সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰিবলৈও নিৰ্দেশ দিয়ে । পেটেলে পাকিস্তানত সংখ্যালঘুসকলৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ ওপৰতো উদ্বেগ প্ৰকাশ কৰে আৰু ইয়াক বন্ধ কৰিবলৈও আহ্বান জনায় ।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাষণ প্ৰদান কৰি গেহলটে পাকিস্তানক দক্ষিণ এছিয়াত শান্তিৰ বাবে তিনিটা পদক্ষেপ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে । তেওঁ কয় যে পাকিস্তানে সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদ বন্ধ কৰা উচিত । যাৰ বাবে তেওঁ দেশত থকা সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি ধ্বংস কৰিবলৈ ব্যৱস্থা লোৱাটো প্ৰয়োজনীয় ।
দ্বিতীয় পৰামৰ্শত পেটেলে পাকিস্তান অধিকৃত কাশ্মীৰৰ অবৈধ দখল ত্যাগ কৰি পাকিস্তানক ভাৰতীয় অঞ্চল খালী কৰিবলৈ কয় । তৃতীয় পৰামৰ্শত তেওঁ পাকিস্তানক কয় যে পাকিস্তানত সংখ্যালঘুসকলৰ বিৰুদ্ধে গুৰুতৰ অপৰাধ ধাৰাবাহিকভাৱে সংঘটিত হৈ আছে । যিবোৰ মানৱ অধিকাৰ উলংঘনৰ শ্ৰেণীৰ অন্তৰ্গত । পাকিস্তান চৰকাৰে এই অপৰাধবোৰ প্ৰতিৰোধ কৰিবলৈ আৰু সংখ্যালঘুসকলৰ অধিকাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।
পেটেল গেহলটে লগতে কয় যে জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ ভাৰতৰ এক অবিচ্ছেদ্য অংগ । জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয়শাসিত অঞ্চলৰ সৈতে সম্পৰ্কিত বিষয়বোৰ সম্পূৰ্ণৰূপে ভাৰতৰ আভ্যন্তৰীণ । পাকিস্তানৰ আমাৰ ঘৰুৱা বিষয়ত মন্তব্য কৰাৰ কোনো অধিকাৰ নাই ।