নেশ্যনেল ডেস্ক, ৭ ডিচেম্বৰ :শেহতীয়াকৈ ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰণে সমগ্ৰ বিশ্বতে উদ্বেগৰ সৃষ্টি কৰিছে । ভাৰততো ধৰা পৰিছে এই নতুন প্ৰকাৰ (Omicron cases reported in India)। অৱশ্যে ইয়াৰ মাজতে সামগ্ৰিকভাৱে দেশত কৰ'ণাৰ সংক্ৰমণ লাহে লাহে হ্ৰাস হৈছে (Covid infections decline in India) । যোৱা ২৪ ঘণ্টাত প্ৰকাশ পোৱা তথ্য অনুসৰি, ৫৫৮ দিনৰ ভিতৰত আটাইতকৈ কম সংখ্যক লোক কৰ'ণাত আক্ৰান্ত হৈছে ।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মঙলবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মাত্ৰ ৬,৮২২ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । ইফালে এটা দিনত ২২০ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে । ইয়াৰ লগে লগে দেশত মুঠ মৃত্যুৰ সংখ্যা হ'লগৈ ৪,৭৩,৭৫৭ টা । যোৱা ২৪ ঘণ্টাত এই ৰোগৰ পৰা আৰোগ্য হৈছে ১০,০০৪ গৰাকী লোক ৷ যাৰ ফলত সৰ্বমুঠ আৰোগ্যৰ সংখ্যা ৩,৪০,৭৯,৬১২ লৈ বৃদ্ধি হৈছে ।
ভাৰতত বৰ্তমান আৰোগ্যৰ হাৰ হৈছে ৯৮.৩৬ শতাংশ । দেশত এতিয়াও আক্ৰান্ত ৰোগী ৯৫,০১৪ গৰাকী আছে ।